বিশ্বই মানসিক স্বাস্থ্য সংকটৰ মাজত বাস কৰিছে : গুটেৰেজ

0
601

মানসিক স্বাস্থ্য সম্পৰ্কীয় এখন প্ৰতিবেদন মুকলি কৰি ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰেছে এটা আন্তঃৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সংকটৰ বিৰুদ্ধে সকীয়াই দিয়ে৷ ৱৰ্ল্ড মেণ্টেল হেল্‌থ ৰিপ’ৰ্ট ২০২২ ঃ ট্ৰেন্সফৰ্মিং মেণ্টেল হেল্‌থ ফৰ অল’ শীৰ্ষক প্ৰতিবেদনখন মুকলি কৰি তেওঁ কয় যে আমি এটা আন্তঃৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সংকটৰ মাজত বাস কৰিছোঁ৷ 
গুটাৰেছে কয় যে লাখ লাখ শিশু আৰু কম বয়সীয়া লোককে ধৰি সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ কোটি লোকৰ মানসিক স্বাস্থ্যজনিত সমস্যা আছে৷ তেওঁ লগতে কয় যে তেওঁলোকৰ অধিকাংশই চিকিৎসাৰ সুবিধাৰ পৰা বঞ্চিত৷ তেওঁ কয় যে চিকিৎসা সেৱা হয়তো নাই বা সাধ্যৰ বাহিৰত৷ তদুপৰি কলংক বা অপবাদৰ আশংকাতো মানুহে সহায় নিবিচাৰে৷ 
গুটাৰেছে কয় যে মানসিক স্বাস্থ্যৰ সমস্যা থকাসকলৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ ভাবুকি বেছি, শিক্ষা আৰু কৰ্মসংস্থানৰ ক্ষেত্ৰত আৰু আন মানৱ অধিকাৰ উলংঘনৰ ক্ষেত্ৰতো তেওঁলোকৰ বিপদ বেছি৷ মানুহৰ আৰু লগতে বিত্তীয় ক্ষতি অতি বৃহৎ৷ তেওঁ কয় যে কেৱল হতাশা আৰু উৎকণ্ঠাৰ কাৰণেই প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ প্ৰায় এক ট্ৰিলিয়ন মাৰ্কিন ডলাৰ লোকচান হয়৷ গুটাৰেছে কয় যে ক’ভিড-১৯ মহামাৰীয়ে মানসিক স্বাস্থ্যৰ সমস্যাবোৰ বেছি কৰিলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here