বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব ?

0
1592

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনা আমাৰ দেশত প্ৰায়ে শুনিবলৈ পোৱা যায়৷ বিদ্যুৎস্পৃষ্ট হ’লে বিদ্যুতৰ প্ৰবাহে শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰাৰ লগতে স্নায়ুতন্ত্ৰ, শ্বাসতন্ত্ৰত প্ৰচণ্ড জোৰে আঘাত কৰে৷ ফলত কিছু সময়ৰ বাবে লোকজন অজ্ঞান হৈ পৰে৷ বিদ্যুৎস্পৃষ্ট হোৱা লোকজনৰ গাত যদি ভিজা কাপোৰ বা ভিজা ছেণ্ডেল থাকে, তেন্তে বিদ্যুতৰ আঘাত তীব্ৰতৰ হয়৷ বিদ্যুৎস্পৃষ্ট ব্যক্তিৰ হৃদযন্ত্ৰ, শ্বাসতন্ত্ৰ আৰু মস্তিষ্কৰ প্ৰাথমিক ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু ঘটে৷ দেখা যায় যে বিদ্যুৎস্পৃষ্ট ব্যক্তিগৰাকীক অন্য ব্যক্তিয়ে স্পৰ্শ কৰিলে উক্ত লোকজনৰ দেহলৈও বিদ্যুৎ প্ৰবাহিত হয়৷ বিদ্যুৎস্পৃষ্ট হ’লে কিছুমান উপায় অৱলম্বন কৰা দৰকাৰ : বিদ্যুৎস্পৃষ্ট হোৱা লোকজনক বৈদ্যুতিক তাঁৰডাল এডাল বাঁহ বা কাঠেৰে এৰাই দিয়াৰ চেষ্টা কৰিব লাগে। মনত ৰাখিব লাগে যাতে বাঁহডাল শুকান হয় আৰু ভৰিত ছেণ্ডেল পিন্ধিহে তেনে কৰাটো উচিত৷ লগে লগে বিদ্যুতৰ ছুইচ বন্ধ কৰিব লাগে৷ ছুইচ বন্ধ কৰা সম্ভৱ নহ’লে বাতৰি কাগজ, ঊলৰ কাপোৰ বা শুকান কাঠৰ টুকুৰাৰে বিদ্যুৎস্পৃষ্ট লোকজনক ছুইচ বা তাঁৰডালৰ পৰা এৰুৱাই দিব লাগে৷ লোকজনৰ শৰীৰত পিন্ধা কাপোৰবোৰ ঢিলাই দিব লাগে৷ তেনে লোকক তৎক্ষণাৎ মাটিত শুৱাই দিব লাগে, যাতে লোকজনৰ শৰীৰৰ বিদ্যুৎখিনি মাটিলৈ প্ৰসাৰিত হয়৷ বিদ্যুৎস্পৃষ্ট লোকজনক হাত, ভৰি, বুকু, পিঠি মালিচ কৰি দিব লাগে; তেনে কৰিলে ৰক্ত চলাচলত সহায় হয়৷ লক্ষ্য কৰিব লাগে– লোকজনৰ জিভাখন ওলোটা খাই গৈছে নেকি? তেনে হ’লে মুখত আঙুলি সুমুৱাই জিভাখন পোন কৰি দিব লাগে৷ উশাহ-নিশাহত কষ্ট পালে কৃত্ৰিম শ্বাস দিব লাগে৷ অলপো পলম নকৰি লগে লগে ওচৰৰ চিকিৎসালয়লৈ নিব লাগে৷ এনেধৰণে বিদ্যুৎস্পৃষ্ট লোকক তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা আগবঢ়াই জীৱন ৰক্ষা কৰিব পৰা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here