হাঁওফাঁওৰ কেঞ্চাৰ প্ৰতিৰোধত বিলাহী

0
1599

আমাৰ নিয়মিত খাদ্য-তালিকাত বিলাহী প্ৰায়ে থাকে৷ সাধাৰণতে খেতি কৰা শাক-পাচলিৰ ভিতৰত বিলাহী অতি জনপ্ৰিয়৷ আনকি ব্যাৱসায়িক ভিত্তিত ইয়াৰ প্ৰাধান্য যথেষ্ট৷ বিলাহী সুস্বাদু আৰু যথেষ্ট উপকাৰী৷ ইয়াৰ বৈজ্ঞানিক নাম ছ’লানাম লাইচ’পাৰচিকাম (Solanum Lycopersicum)৷ বিশ্বত আলুৰ পাছতে প্ৰচলিত পাচলিবিধ হ’ল বিলাহী৷ বিলাহীৰ মাজত থকা ৰঙা ৰঙৰ বস্তুবিধ আচলতে এটা অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট লাইক’পিন, যি শৰীৰৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে৷ ইয়াত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, ভিটামিন-ডি থকাৰ উপৰি প্ৰচুৰ পৰিমাণে ছালফাৰ, পটেচিয়াম, লো আৰু কেলচিয়াম পোৱা যায়৷ বিলাহী কেঁচাই খোৱাটো বেছি উপকাৰী, কিয়নো ৰান্ধিলে ইয়াৰ ভিটামিন কিছু পৰিমাণে নষ্ট হয়৷ সাধাৰণতে বিলাহী আঞ্জা বনাই খোৱাৰ উপৰি কেঁচা বিলাহী ছালাড হিচাপে খোৱা হয়৷ বিলাহীত থকা ভিটামিন-এ আৰু বিটা কেৰ’টিনে দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ ইয়াত থকা পটেচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ বিলাহীয়ে তেজ বিশুদ্ধ কৰে৷ শিশুক প্ৰতিদিনে দুচামুচকৈ বিলাহীৰ ৰস খুৱালে দাঁতৰ পৰা তেজ ওলোৱা বন্ধ হয়। বিলাহীয়ে হাঁওফাঁও, পাকস্থলী আৰু স্তনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে৷ বিলাহীয়ে কোষ্ঠকাঠিন্যতা দূৰ কৰে৷ নিয়মিত বিলাহী খালে ৰক্ত সঞ্চালন ভালে থাকে৷ ছালৰ খজুৱতি দূৰ কৰাত আৰু প্ৰখৰ ৰ’দতো শৰীৰৰ তাপমাত্ৰা সঠিক মাত্ৰাত ৰখাত বিলাহীয়ে সহায় কৰে৷ শৰীৰৰ বৰণ উজ্জ্বল আৰু পৰিষ্কাৰ কৰাত বিলাহীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ জণ্ডিচ ৰোগৰ কাৰণে বিলাহী এবিধ উপযুক্ত পাচলি৷ ই কিডনী ভালে ৰখাত অৰিহণা যোগায়৷ সেয়েহে আহক এনে এবিধ পুষ্টিদায়ক পাচলি আমাৰ খাদ্য তালিকাত দৈনিক অন্তৰ্ভুক্ত কৰি শৰীৰ সুস্থ, নিৰোগী আৰু শক্তিশালী কৰি ৰাখোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here