বিদেশত অসম কন্যাৰ সাফল্য উদ্ভাৱন কৰিলে পানী পৰিশোধন প্ৰযুক্তি

0
1053

পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনৰ যোগে আমেৰিকাত উজলিছে অসম কন্যা ড॰ হৰ্ষিতা গগৈ৷ যি প্ৰযুক্তিৰ যোগে অতি বিষাক্ত পদাৰ্থ মিহলি পানী পৰিশোধন কৰিব পৰা যাব৷ ড॰ হৰ্ষিতা গগৈৰ এই উদ্ভাৱনে পানী শোধনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে গুৱাহাটীত জন্মগ্ৰহণ কৰা ড॰ হৰ্ষিতা গগৈয়ে ফিনলেণ্ডৰ ওলু বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰি আমেৰিকাৰ ইভাকুৱা ৱাটাৰ টেক্‌ন’লজি নামৰ প্ৰতিষ্ঠানটোৰ গৱেষণা আৰু উন্নয়ন অভিযান্ত্ৰিক প্ৰকল্প মেনেজাৰ হিচাপে কৰ্মৰত হৈ এই উদ্ভাৱন কৰে৷ তেওঁ এই উদ্ভাৱনৰ বাবে প্ৰতিষ্ঠানটোৰ সহযোগত পেটেণ্ট বিচাৰি আমেৰিকাত ইতিমধ্যে আৱেদন কৰিছে৷ ড॰ হৰ্ষিতা গগৈ গুৱাহাটীৰ নিৱাসী শান্তনু গগৈ আৰু মেঘালী গগৈৰ কন্যা৷ ড॰ হৰ্ষিতা গগৈৰ এনে সাফল্যই অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here