সু-খবৰ ! ৰাজ্যত স্থাপন হ’ব আৰু এখন এইম্‌ছ

0
491

অসমৰ বাবে সু-খবৰ৷ ৰাজ্যবাসীয়ে আৰু এখন এইম্‌ছ লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ সংসদীয় কমিটীয়ে অসমৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বৰাক উপত্যকাৰ শিলচৰত এখন এইম্‌ছ স্থাপনৰ পোষকতা কৰিছে৷ জানিব  পৰা মতে, সংসদীয় কমিটীয়ে দিয়া এই প্ৰস্তাৱক কেন্দ্ৰীয় চৰকাৰে অত্যন্ত গুৰুত্বসহকাৰে লৈছে৷ আশা কৰা হৈছে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে অসমক আৰু এখন এইম্‌ছ বা এইম্‌ছ সদৃশ হাস্পতাল উপহাৰ দিব৷ 
মন কৰিবলগীয়া কথা যে সম্প্ৰতি গুৱাহাটীৰ সমীপৰ চাংসাৰিত ৰাজ্যৰ প্ৰথমখন এইম্‌ছ নিৰ্মাণৰ কাম চলি আছে৷ আশা কৰা হৈছে চলিত বৰ্ষৰ ভিতৰতে এই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব৷ ইফালে চাংসাৰিত নিৰ্মাণকাৰ্য চলাই থকা এইম্‌ছখন ৰাজ্যৰ কোনো স্বাধীনতা সংগ্ৰামী অথবা স্থানীয় বীৰৰ নামেৰে নামকৰণ কৰা হ’ব৷ সেই অনুসৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এইম্‌ছ থকা ৰাজ্যসমূহৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ বিচাৰিছে৷ অসম চৰকাৰে চাংসাৰিত নিৰ্মাণ কৰি থকা এইম্‌ছখনৰ বাবে কি নাম প্ৰস্তাৱ কৰিছে, সেয়া জানিব পৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here