বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

0
294

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ উদ্ভাৱন কৰিছে৷ আচৰিত কথা যে এই পদাৰ্থবিধে পৃথিৱীৰ ৰূপেই সলাই পেলোৱাৰ সম্ভাৱনা আছে৷ এই নতুন পদাৰ্থবিধৰ নাম দিয়া হৈছে ৰেডমেটাৰ৷ এই নতুন পদাৰ্থ ৰেডমেটাৰ উদ্ভাৱন কৰা বিজ্ঞানীসকলৰ মতে এই ছুপাৰকণ্ডাক্টৰ পদাৰ্থবিধে শক্তি আৰু ইলেকট্ৰনিকছ জগতলৈ আমূল পৰিৱৰ্তন আনিব৷ ই ৰে’ল আৰু অত্যাধুনিক ইলেকট্ৰিকেল গ্ৰীডসমূহৰ চমকপ্ৰদ উত্তৰণ ঘটাব৷ এই বিষয়ে নেচাৰ নামৰ জাৰ্নালখনত সবিশেষ প্ৰতিবেদন প্ৰকাশ পাইছে৷ নিউয়ৰ্কৰ ৰকেষ্টাৰ বিশ্ববিদ্যালয়ৰ সহকাৰী ৰংগা ডিয়াজ আৰু তেওঁৰ সহযোগীসকলে  হাইড্ৰজেন, নাইট্ৰজেন আৰু লিউটেটিয়ামৰ সংমিশ্ৰণত ৰেডমেটাৰ মানৰ পদাৰ্থবিধৰ সৃষ্টি কৰিছে৷ এই পদাৰ্থবিধ মাত্ৰ ৬৯ ডিগ্ৰী ফাৰেনহাইট এক গিগাপাস্কেল চাপত ছুপাৰ কণ্ডাক্টিভ হৈ পৰে৷ এই পদাৰ্থবিধ হাইড্ৰজেন, নাইট্ৰজেন আৰু লিউটেটিয়ামৰ মিশ্ৰণত চাপ প্ৰয়োগ কৰি সৃষ্টি কৰা হৈছে৷ চাপ প্ৰয়োগৰ ফলত পদাৰ্থবিধৰ ৰং নীলাৰ পৰা ৰঙালৈ সলনি হয়৷ অধ্যাপক ডিয়াজৰ মতে এই নতুন পদাৰ্থবিধে ছুপাৰ কণ্ডাক্টিভিটি আৰু প্ৰায়োগিক প্ৰযুক্তিৰ জগতখনক নতুন পোহৰৰ সন্ধান দিব৷ ৰেডমেটাৰে বিদ্যুৎ প্ৰবহণত ৱায়াৰৰ ৰেজিষ্টেন্সৰ বাবে হোৱা লোকচান প্ৰতিৰোধ কৰিব পাৰিব৷ ইয়াৰ উপৰি হাইস্পিড ৰে’লৰ চলাচল সহজ কৰি তুলিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here