নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

0
180


আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচলৈ ফোন কৰি একো ব্যৱহাৰ নকৰাকৈয়ে কি কাৰণে মোবাইলৰ ডাটা নাইকিয়া হ’ল বুলি জবাবদিহিও কৰিছে৷ আৰু তাৰ বাবে দোষাৰোপ কৰিছে৷ মনত ৰখা ভাল যে এইবোৰ কাৰণে টেলিকম কোম্পানী দায়ী নহয়৷ আপুনি কৰা বিশেষ সৰু সৰু ভুলৰ বাবেহে এনেকুৱা হয়, যাৰ বাবে ডাটা ব্যৱহাৰ নকৰিলেও শেষ হৈ থাকে৷ ইয়াৰ পৰা সমাধান পাবলৈ আপুনি কেইটামান কথাত ধ্যান দিয়ক৷
আপোনাৰ মোবাইলৰ অটো আপডেট ফিচাৰটো বন্ধ কৰা উচিত৷ যি ফোনৰ সৈতে ৱাইফাই সংযুক্ত থাকিব, তেতিয়াই ফোনটো আপডেট কৰিব৷ গুগ্‌ল মেপ পৰিসেৱা ব্যৱহাৰ কৰিলে মোবাইলৰ ডেটা শীঘ্ৰেই শেষ হোৱাৰ সম্ভাৱনা থাকে৷ গুগলসহ মেপ ছাৰ্ভিচৰ নেভিগেশ্যন ছাৰ্ভিচ বেকগ্ৰাউণ্ডত সক্ৰিয় হৈ থাকে৷ যাৰ কাৰণে আপোনাৰ স্মাৰ্টফোনৰ ডাটা দ্ৰুতভাৱে খৰচ হয়৷ যিকোনো গেমিং এপছ ব্যৱহাৰ কৰিলে মোবাইলৰ ডাটা যথেষ্ট খৰচ হয়৷ এনে পৰিস্থিতিত অফলাইন গেম নেখেলাই ভাল৷ এইচ ডি ভিডিও চালে মোবাইলৰ ডাটা দ্ৰুতগতিত কমে৷ ইউটিউবত গান শুনাৰ সময়ত ভিডিওৰ ৰিজলিউশ্যন কমোৱা উচিত৷ ই-কমাৰ্চ ছাইটবোৰেও আপোনাৰ ফোনৰ ডাটা দ্ৰুতগতিত খবৰ কৰে৷ সেয়েহে আপোনাৰ মোবাইলৰ ডাটা শীঘ্ৰে শেষ নহ’বলৈ এইবোৰ ক্ষেত্ৰত নজৰ দিয়া উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here