সকলো মহিলাই এই আসনবিধ কৰা উচিত (A ‘must do’ Asana for all women)

0
399
পুৰুষতকৈ মহিলাসকলে শাৰীৰিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হয়৷ মাহেকীয়াৰ পৰা আৰম্ভ কৰি গৰ্ভধাৰণ তথা প্ৰসৱলৈকে মহিলাসকল শাৰীৰিকভাৱে সাজু হৈ থাকিবলগীয়া হয়৷ তাৰ লগতে ঘৰৰ কাম-কাজতো আছেই৷ যদিও এনেধৰণৰ প্ৰক্ৰিয়াসমূহ প্ৰাকৃতিক হয়, তথাপিও কিছু কিছু ক্ষেত্ৰত মহিলাসকলৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে৷ এনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে বদ্ধকোণাসন বা Butterfly আসন কৰা উচিত৷ কিয়নো এই আসন কৰিলে বিশেষকৈ মহিলাৰ পেলভিক অংশ যথেষ্ট প্ৰভাৱিত হয়৷

(১) এই আসনে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ, কঁকালৰ বিষ, মাহেকীয়া অনিয়মীয়াৰ সমস্যা নিৰাময় কৰে৷

What Is the Fastest Way to Get Rid of Period Cramps?


(২) দৈনিক এই আসনৰ অভ্যাসে প্ৰসৱৰ সময়ত হোৱা বেদনা কমাব পাৰে৷ গৰ্ভাৱস্থাৰ প্ৰথম মাহৰ পৰাও এই আসন কৰিব পাৰে৷ অৱশ্যে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷

What Do Contractions Feel Like: Is It Labor or Something Else?


(৩) ৫০ বছৰৰ ঊধবৰ্ৰ মহিলাসকলৰ প্ৰায়ে মাহেকীয়া বন্ধ হৈ যায়৷ ই তেনেই প্ৰাকৃতিক যদিও মহিলাৰ শৰীৰত হোৱা এনেধৰণৰ হৰমনৰ পৰিৱৰ্তনৰ ফলত হঠাৎ গা গৰম হৈ অহা, বুকু ৰিমঝিমোৱা, গাৰ বিষ আদি সমস্যাসমূহ দেখা যায়৷ তেনেধৰণৰ মহিলাসকলৰ বাবেও Butterfly আসন অতি উত্তম৷

Benefits of Butterfly Pose - World Peace Yoga School


(8) বহুতো মহিলাৰ মাহেকীয়া নিয়মীয়া নোহোৱাৰ ফলত গৰ্ভধাৰণ ক্ষমতাও কমি অহা দেখা যায়৷ যাৰ বাবে মহিলাসকলে বহু সময়ত ‘বাজী’ তিৰোতা হিচাপেও আখ্যা পায়৷ এনে ক্ষেত্ৰত মহিলাসকলে Butterfly আসন কৰিলে কিছু পৰিমাণে হ’লেও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

The Science Behind Period Syncing


(৫) মহিলাসকলৰ অন্যতম দায়িত্ব হৈছে পাকঘৰৰ কাম৷ পাকঘৰত বহু দেৰিকৈ থিয় হৈ কাম কৰি থকাৰ ফলত মহিলাসকলৰ ভৰিৰ বিষ, ভাগৰ আদি হোৱা দেখা যায়৷ Butterfly আসনে উৰু তথা কলাফুলৰ মাংসপেশীৰ জড়তা আঁতৰাই বিষ-বেদনা নিৰাময় কৰে৷

How to stop leg muscle cramps: Treatment and prevention


(৬) Butterfly আসনে প্ৰজনন অংগক কাৰ্যক্ষম কৰি তোলে৷ যদি আপোনাৰ হৰমনৰ অসন্তুলন হৈছে বা প্ৰজনন অংগই সঠিকভাৱে কাম কৰিব নোৱৰা হৈছে, তেন্তে আপুনি Butterfly আসন কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here