ফেছগো : কেঞ্চাৰৰ নতুন ঔষধ

0
207

ৰোচ ফাৰ্মাই অলপতে ভাৰতত ফেছগো মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ ইয়াক দুটা মনোক্লোন এণ্টিবডী পাৰজেটা আৰু হাৰচেপটিনক হাইলিউৰোনিডেছৰ সৈতে সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা অনকোল’জীৰ এইপৰ্যন্ত প্ৰথমটো ফিক্সড ডোজ ফৰ্মুলেশ্যন৷ ইয়াক প্ৰাৰম্ভিক আৰু মেটাষ্টেটিক HER-২ পজিটিভ স্তন কেন্‌ছাৰৰ চিকিৎসাৰ বাবে ছালত ইনজেক্ট কৰা হয়৷ এই প্ৰথমবাৰলৈ ৰোচেয়ে দুটাকৈ মনোক্লোনেল এণ্টিবডীজ সংমিশ্ৰণ কৰিছে৷ কভিড মহামাৰীৰ সময়তে ২০২০ৰ জুনত ফেছগোক প্ৰথমবাৰলৈ অনুমোদন জনাইছিল ইউ এছ এফ ডি এয়ে আৰু ইয়াৰ পিছতে ২০২০ৰ ডিচেম্বৰত ইউৰোপিয়ান মেডিচিনছ এজেঞ্চিয়ে অনুমোদন জনায়৷ ইয়াক এন চি চি এন চিকিৎসা নিৰ্দেশাৱলীত স্বীকৃতি প্ৰদান কৰা হয়৷ ভাৰতত ফেছগোক অনুমোদন জনায় ডি চি জি আয়ে ২০২১ৰ অক্টোবৰত আৰু আমদানিৰ অনুজ্ঞা-পত্ৰত মঞ্জুৰি দিয়া হয় ২০২২ৰ জানুৱাৰীত৷ ২০২১ৰ ডিচেম্বৰ পৰ্যন্ত বিশ্বজুৰি ১৭,০০০তকৈ অধিক স্তন কেঞ্চাৰ ৰোগী ফেছগোৰ দ্বাৰা উপকৃত হৈছে৷ আমাৰ দ্বিতীয় পৰ্যায়ৰ ফ্ৰেন্সস্কা সমীক্ষা অনুসৰি HER-২ পজিটিভ স্তন কেন্‌ছাৰৰ চিকিৎসা লাভ কৰা ৮৫ শতাংশ ৰোগীয়ে কম সময়ৰ বাবে আই ভি এডমিনিষ্ট্ৰেশ্যনৰ তুলনাত ফেছগোৰে চিকিৎসা গ্ৰহণত অগ্ৰাধিকাৰ দিয়ে, কিয়নো এই প্ৰক্ৰিয়াত কম সময় প্ৰয়োজন হোৱাৰ লগতে চিকিৎসা অধিক আৰামদায়ক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here