বাৰিষাৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰৰ বিশেষ নিৰ্দেশ

0
386

বাৰিষাৰ সময়ত উন্নতভাৱে সাজু হ’বলৈ কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে যাতে বান, বা-মাৰলী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হোৱা ক্ষয়-ক্ষতি কম হয়৷ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগসমূহৰ আয়ুক্ত আৰু সচিবসকলৰ বাৰ্ষিক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই সমগ্ৰ বছৰটোত চৌব্বিছ ঘণ্টাই সষ্টমতা নিশ্চিত কৰিবলৈ সক্ষমতা সৃষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে৷
ৰাজ্যসমূহ আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক উন্নতভাৱে সাজু হ’বলৈ গৃহ সচিবজনে নিৰ্দেশ দিয়ে যাতে বান, বা-মাৰলী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতি কম হয়৷ ভাল্লাই কয় যে যোৱা ভালেমান বছৰত অহৰহ প্ৰচেষ্টাৰ যোগেদি মানৱ জীৱনত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটো সক্ষম হৈছে৷  সভাত ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ, এন ডি আৰ এফ,  বি এ পি এফ, ইছৰ’, সশস্ত্ৰ বাহিনীসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here