ফট্‌কাৰ উৎপাদন, বিক্ৰী ব্যৱহাৰ নিষিদ্ধ : ক’ত ?

0
245

দেশত দিনকদিনে বায়ু প্ৰদূষণৰ মাত্ৰা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ বিশেষকৈ দেশৰ ৰাজধানী দিল্লী প্ৰদূষিত ৰাজ্যসমূহৰ শীৰ্ষত আছে৷ সেয়েহে দিল্লী চৰকাৰে অনাগত দিনত উৎসৱসমূহৰ প্ৰতি লক্ষ্য ৰাখি ফটকাৰ উৎপাদন আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে৷ এনেদৰে এতিয়া ৰাজধানী চহৰখনত প্ৰদূষণৰ মাত্ৰা কমোৱাৰ চেষ্টা চলাইছে৷ দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত সকলো ধৰণৰ ফটকাৰ উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰ ৰ জানুৱাৰীলৈকে নিষিদ্ধ কৰা হৈছে৷ তেওঁ কয় যে ফট্‌কাৰ অনলাইন বিক্ৰীৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব৷ ৰায়ে এইবুলি টুইট কৰে, ‘সকলো ধৰণৰ ফটকাৰ উৎপাদন, মজুত, বিক্ৰী আৰু ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে যাতে জনসাধাৰণৰ জীৱন ৰক্ষা কৰিব পৰা যায়৷’ এইবাৰ দিল্লীত ফট্‌কাৰ অনলাইন বিক্ৰী আৰু ডেলিভাৰিও নিষিদ্ধ কৰা হ’ব৷ নিষেধাজ্ঞা ২০২৩ চনৰ ৰ জানুৱাৰীলৈকে বলৱৎ হৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here