কোনে ল’লে প্লাষ্টিক বৰ্জনৰ বাবে বিশেষ সজাগতামূলক কাৰ্যসূচী ?

0
395

দেশৰ তৃতীয় শ্ৰেষ্ঠ ব্যক্তিগত খণ্ডৰ বেংকিং প্ৰতিষ্ঠান হিচাপে স্বীকৃত এক্সিছ বেংকে এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে অথবা প্লাষ্টিক বৰ্জনৰ বাবে জনসাধাৰণক সজাগ কৰিব পৰাকৈ ‘অভ্যাস গঢ়ক, পৃথিৱীখন সলনি কৰক, এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক বৰ্জন কৰক’ শীৰ্ষক আহ্বানেৰে এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই কাৰ্যসূচীৰ অধীনত এক্সিছ বেংকৰ গুৱাহাটীস্থিত এটা গোটে গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইৰ নাগৰিকসকলক পৰিৱেশ বাতানুকূল বেগ বিতৰণ কৰিব আৰু এই বেগসমূহত ‘প্লাষ্টিক বৰ্জন কৰক আৰু প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলক’ শীৰ্ষক আহ্বানেৰে এটা ষ্টিকাৰ লগোৱা থাকিব৷ বেংকটোৱে গুৱাহাটীৰ বাহিৰেও দেশৰ অন্যান্য ২০খন মহানগৰীত এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ ভিতৰত দিল্লী, জয়পুৰ, লক্ষ্ণৌ, আম্বালা, বেংগালুৰু, ভুৱনেশ্বৰ, পাটনা, ৰাঁচী আৰু শিলিগুৰি অন্যতম৷ উল্লেখ্য যে বেংকটোৱে দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দেশখনত প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এক সজাগতামূলক কাৰ্যসূচীৰ অন্তৰ্গত এই পদক্ষেপ গ্ৰহণ কৰিছে৷প্লাষ্টিকমুক্ত পৰিৱেশৰ বাবে সজাগতা

LEAVE A REPLY

Please enter your comment!
Please enter your name here