পৰিমাণ শুনিলে আচৰিত হ’ব ! ড্ৰাগ্‌ছ-বিৰোধী অভিযানত হেৰ’ইন জব্দ– ক’ত, কেতিয়া ? (Unbelievably huge quantity of heroin seized!)

0
499
পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানত ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান পুনৰ তীব্ৰতৰ হৈ উঠিছে৷ বোকাজান মহকুমাৰ আৰক্ষী বিষয়াজনৰ লগতে বোকাজান আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া মণিকান্ত চমুৱা আৰু খটখটী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত ২১ ছেপ্টেম্বৰত অসম-নগালেণ্ড সীমান্তৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত জনকপুখুৰী নামৰ ঠাইত অভিযান চলাই ৮০টা চাবোনৰ বাকচত ভৰাই লুকুৱাই ৰখা অৱস্থাত ১.৫ কিল’গ্ৰাম নিষিদ্ধ হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে পুৰুষ-মহিলাসহ দুই ড্ৰাগ্‌ছ সৰবৰাহকাৰীক আটক কৰে৷ এই ড্ৰাগ্‌ছ-বিৰোধী অভিযানৰ নেতৃত্ব দিছিল মহকুমা আৰক্ষী বিষয়া জন দাসে৷ জানিব পৰা মতে, জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য ৮ কোটি টকা হ’ব৷ ইপিনে এই ড্ৰাগ্‌ছ সৰবৰাহৰ লগত জড়িত সৰবৰাহকাৰী দুজন মণিপুৰৰ চেনাপতি জিলাৰ টাডুবিৰ কাইবি অঞ্চলৰ তথা বৰ্তমান নগালেণ্ডৰ ডিমাপুৰৰ বাসিন্দা নিপুনে মাওৰ পুত্ৰ বেছি মাও আৰু ডিমাপুৰৰ নাগা ইউনাইটেড ভিলেইজৰ চাৰিমাইলৰ বাসিন্দা তথা বেছি মাওৰ পত্নী কাইট’মাও ৷ উদ্ধাৰ হোৱা এই ড্ৰাগ্‌ছখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয়৷ ইতিমধ্যে অধিক তথ্যৰ বাবে খটখটী আৰক্ষীয়ে দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here