প্লাষ্টিকৰ প্ৰদূষণ ৰোধৰ বাবে কানাডাত ১৭৬খন দেশৰ বৈঠক

0
35

ঘৰে-বাহিৰে, ৰাস্তাই-পদূলিয়ে, নলা-নৰ্দমাই চাৰিওফালে কেৱল প্লাষ্টিক আৰু প্লাষ্টিক৷ মুঠতে য’তেই দেখে কেৱলমাত্ৰ প্লাষ্টিকেৰে ভৰি পৰাৰ দৃশ্য৷ বৰ্তমান সময়ত প্লাষ্টিকৰ হোৱা অবাধ ব্যৱহাৰে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ মানুহ, জীৱকুল, পৰিৱেশতন্ত্ৰত অগণিত ক্ষতি কৰিছে এইবিধ সামগ্ৰীয়ে৷ প্লাষ্টিক সামগ্ৰীৰ পৰা হোৱা প্ৰদূষণৰ পৰিমাণ গোটেই বিশ্বজৰি ভয়াৱহভাৱে বৃদ্ধি পাবলৈ লৈছে৷ প্লাষ্টিকৰ প্ৰদূষণ ৰোধৰ পদক্ষেপ হিচাপে কানাডাত ১৭৬খন দেশৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়৷ ইণ্টাৰগভৰ্নমেণ্ট নেগোছিয়েটিং কমিটীৰ এই বৈঠকত স্থলভাগৰ উপৰি জলভাগৰ প্লাষ্টিকৰ প্ৰদূষণক লৈও আলোচনা হয়৷ বিশ্বৰ স্থলভাগৰ উপৰি জলভাগতো বিস্তাৰিত হৈছে এই প্লাষ্টিকৰ দ্বাৰা হোৱা প্ৰদূষণে৷ যাৰ ফলত বিভিন্ন জলজ প্ৰাণী আজি সংকটৰ গৰাহত৷ সেয়ে চুক্তিমাফিক প্ৰদূষণ নিয়ন্ত্ৰণৰ কামত অগ্ৰসৰ হ’বলৈ এই বৈঠকৰ আয়োজন কৰা হয়৷ আৰ্থ ডে’ উপলক্ষে এই বিশেষ বৈঠকৰ আয়োজন কৰা হৈছিল৷ তাত ৰাষ্ট্ৰসংঘৰ ছেক্ৰেটাৰী জেনেৰেল এণ্টনিঅ’ গুটাৰেছে কয় যে প্লাষ্টিকৰ প্ৰদূষণে কোনো সীমা নাৰাখি বিস্তাৰিতভাৱে বিস্তৃতি লাভ কৰিছে৷ গোটেই বিশ্বতে প্ৰতিটো সজীৱ পদাৰ্থ আনকি জড় পদাৰ্থকো দূষিত কৰিছে প্লাষ্টিকে৷ সেয়ে মানৱ সভ্যতা জীয়াই ৰাখিবলৈ হ’লে প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰিব লাগিব৷ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ যাৰ ভিত্তিত ২০২৪ চনৰ শেষৰফালে প্ৰদূষণ নিয়ন্ত্ৰণৰ এটা উপায় উলিয়াবলৈ সক্ষম হ’ব৷ এই বৈঠকত পৰিৱেশিত তথ্য অনুযায়ী গোটেই বিশ্বতে প্ৰতিবছৰে প্লাষ্টিকৰ ৰোধৰ কাৰণে দুই ট্ৰিলিয়ন ডলাৰ ব্যয় হয়, যি ভাৰতীয় মুদ্ৰাৰ কেইবা লক্ষ কোটি টকাৰ সমান৷ প্লাষ্টিকৰ প্ৰদূষণ এতিয়াই নিয়ন্ত্ৰণলৈ আনিব নোৱাৰিলে ২০৬০ চনৰ বৰ্জ্যৰ পৰিমাণ বাঢ়ি তিনিগুণ হ’ব আৰু ইয়াৰ ৰোধ কৰিবলৈ কেইবাগুণো টকাৰ দৰ বৃদ্ধি হ’ব সমগ্ৰ বিশ্বতে৷ সেয়ে উপযুক্ত সময় থাকোঁতেই ইয়াক নিয়ন্ত্ৰণ কৰাৰ জোৰ দিয়ে উক্ত বৈঠকত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here