পথত ৰবটৰ টহল ! কি কাৰণত এই ব্যৱস্থা ? (Why robots engaged to patrol streets?)

0
336
ছিংগাপুৰে ইয়াৰ নিৰীক্ষণ ব্যৱস্থাত উন্নতি ঘটাই বেয়া সামাজিক আচৰণক বাধা দিবলৈ ৰাজহুৱা স্থানত ৰবটৰ টহল ব্যৱস্থাৰ পৰীক্ষা আৰম্ভ কৰিছে৷ বিশ্বৰ আটাইতকৈ সুৰক্ষিত দেশবোৰৰ এখন ৰূপে স্থানপ্ৰাপ্ত ছিংগাপুৰে কভিড বিধি নমনা, নিষিদ্ধ স্থানত ধূমপান কৰা আৰু থ’ব নলগীয়া স্থানত চাইকেল ৰখা আদি নিৰীক্ষণৰ বাবে দুটা স্বয়ংক্ৰিয় ৰবটক পৰীক্ষাত নমাইছে৷ ছিংগাপুৰৰ Home Team Science and Technology Agency-য়ে সংবাদ মাধ্যমক এই কথা জনাইছে৷ তেওঁলোকে জনায় যে জেভিয়াৰ নামৰ দুটা টহলদাৰী ৰবটৰ ভিতৰত কেমেৰা আছে, যি বেয়া সামাজিক আচৰণ গম পাই নিৰ্দেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰক সঠিক সময়ত জনাব পাৰে৷ ৰবট দুটাৰ পৰীক্ষাৰ অন্তত সিহঁতক নিৰীক্ষণ আৰু জনসাধাৰণক সঠিক আচৰণৰ বাবে শিক্ষিত কৰিবলৈ বাৰ্তা প্ৰদৰ্শন কৰাত ব্যৱহাৰ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here