প্ৰায় দুটা দশকৰ ভিতৰত ভাৰতত আগষ্টত সৰ্বনিম্ন বৰষুণ (India receives the least rainfall in nearly two decades )

0
259
আগষ্ট মাহত দেশত স্বাভাৱিক বৰষুণতকৈ ২৪% কম বৰষুণ হয় আৰু এয়ে আছিল ১৯ বছৰত সৰ্বনিম্ন৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ চমুকৈ IMD-এ এই কথা কয়৷ IMD-এ কয় যে ২০২১ চনৰ আগষ্টত সমগ্ৰ দেশখনত সামগ্ৰিকভাৱে বৃষ্টিপাত দীৰ্ঘকালীন গড় (LPA) হিচাপত -২৪% আছিল৷ যোৱা ১৯ বছৰত আগষ্ট মাহত এয়ে সৰ্বনিম্ন বৃষ্টিপাত৷ উল্লেখ্য যে দক্ষিণ-পশ্চিম মৌচুমী ঋতু ১ জুনত আৰম্ভ হয় আৰু ৩০ ছেপ্টেম্বৰলৈকে থাকে৷ এই বছৰৰ জুনত দেশখনত ১০ শতাংশ বেছি বৰষুণ হয়৷ কিন্তু জুলাই আৰু আগষ্টত ক্ৰমে ৭ শতাংশ আৰু ২৪ শতাংশ কম বৰষুণ হয়৷ IMD-ৰ তথ্য মতে, IMR-ৰ চাৰিটা বতৰ মণ্ডলৰ ভিতৰত মধ্য ভাৰত মণ্ডলত (মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা, মধ্য প্ৰদেশ, ছট্টিশগড় আৰু ওড়িষাৰ বিস্তৃত অঞ্চলক সামৰি) বৰষুণ ৩৯ শতাংশ কম হয়৷ উত্তৰ-পশ্চিম ভাৰত মণ্ডলত ৩০ শতাংশ, দক্ষিণ মণ্ডলত ১০ শতাংশ আৰু পূব আৰু উত্তৰ-পূব মণ্ডলত ২ শতাংশ কম বৰষুণ হয়৷ ইয়াৰ মূল কাৰণ বিশ্লেষণ কৰিলে আমিয়েই ইয়াৰ বাবে দায়ী– নহয় জানো৷ আজি সমগ্ৰ ভাৰতবৰ্ষ জলবায়ু প্ৰদূষিত হৈ পৰিছে৷ আমাৰ চৌপাশত থকা সেউজীয়া গছ-গছনি কাটি তহিলং কৰিছোঁ৷ গাড়ী-মটৰৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে৷ ফলত এইবোৰৰ অনিয়ন্ত্ৰিত চলাচলে বায়ু প্ৰদূষণ সৃষ্টি কৰিছে৷  প্ৰকৃতি ধবংসযজ্ঞত আমি হাত উজান দিছোঁ৷ ইয়াৰ ফলস্বৰূপে নানা দুৰ্যোগ, মহামাৰী, বৰষুণ কম হোৱা আদি কাৰকবোৰে দেখা দিছে৷ অদূৰ ভৱিষ্যতে আমি প্ৰকৃতিৰ ধবংসযজ্ঞ ৰোধৰ ব্যৱস্থ্য গ্ৰহণ নকৰি এনেদৰে যদি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই থাকো, এদিন হয়তো এই পৃথিৱী জীৱৰ কাৰণে উপযুক্ত বাসোপযোগী হৈ নাথাকিব, সেয়া ধুৰুপ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here