সাৱধান ! এবাৰ ঠাণ্ডা হোৱা চাহ আকৌ গৰম কৰি খায় নেকি ? Never warm and drink tea that has been once boiled and cooled !

0
328
সমগ্ৰ বিশ্বতে চাহৰ যথেষ্ট সমাদৰ আছে৷ পুৱা শুই উঠিয়েই চাহকাপ নাপালে শৰীৰটোৱে যেন শক্তিয়ে নাপায়৷ অৰ্থাৎ পুৱাৰ চাহকাপে আমাক দিনটোৰ কাৰণে সক্ৰিয় কৰি তোলে৷ কিন্তু চাহ খোৱাৰ ক্ষেত্ৰত প্ৰায়ে আমি এটা ভুল কৰোঁ৷ সেইটো হৈছে চাহ বাৰে বাৰে গৰম কৰি খোৱা৷ বহুতেই চাহ বনাই থৈ কামৰ মাজত খাবলৈ পাহৰে, যাৰ বাবে চাহকাপ ঠাণ্ডা হৈ যায়৷ সেইবাবে মানুহজনে সেই চাহকাপকে আকৌ গৰম কৰি সেৱন কৰে৷ ঠিক একেদৰে হোটেল বা ৰাস্তাৰ কাষৰ চাহৰ দোকান আদিতো একেখিনি চাহকে বাৰে বাৰে উতলাই গ্ৰাহকক খাবলৈ দিয়া হয়৷ কিন্তু এনেদৰে চাহ উতলাই থকাৰ ফলত ই আমাৰ শৰীৰৰ কিমান ক্ষতি কৰে আপুনি জানেনে?

(১) চাহ বাৰে বাৰে উতলোৱাৰ ফলত ইয়াৰ সোৱাদ একেবাৰে নাইকিয়া হৈ যায়৷ অকল এয়াই নহয়, চাহ বাৰে বাৰে গৰম কৰাৰ ফলত চাহত থকা প্ৰয়োজনীয় পোষকতত্ত্ব একেবাৰে শেষ হৈ যায়৷


(২) চাহ বাৰে বাৰে গৰম কৰি খালে বমি, পেটৰ বিষ আৰু পাচনজনিত সমস্যা হ’ব পাৰে৷


(৩) চাহ বনাই থোৱা থাকিলে তাত বিভিন্ন ধৰণৰ বেক্টেৰিয়াই প্ৰৱেশ কৰে৷ এনে অৱস্থাত চাহ গৰম কৰি খালে ই আপোনাৰ শৰীৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ, গাখীৰ চাহত অতি সোনকালে অণুজীৱৰ উৎপন্ন হয়৷


(৪) বহু দেৰিলৈ চাহ বনাই থোৱাৰ পাছত গৰম কৰিলে ইয়াৰ পৰা টেনিন বাহিৰ হয়৷ যাৰ ফলত চাহকাপ একেবাৰে তিতা হৈ যায়৷


সেয়েহে প্ৰায় চাৰি ঘণ্টামান আগতে বনাই থোৱা চাহ আকৌ গৰম কৰি খোৱা কাম ভুলতো নকৰিব৷ অৱশ্যে পোন্ধৰ মিনিটমান আগতে বনাই থোৱা চাহ পুনৰ গৰম কৰি খালে শৰীৰৰ বিশেষ একো ক্ষতি নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here