ঠাণ্ডা পানী ছালৰ বাবে কিয় ভাল ? How does cold water help the skin ?

0
1241
পুৱা শুই উঠাৰ পাছত আমাৰ প্ৰত্যেকৰে চকু-মুখ ফুলি থকা আপোনালোকে নিশ্চয় মন কৰিছে৷ নহয়নে? ইয়াৰ কাৰণ কি বাৰু? ইয়াৰ কাৰণ হৈছে আমি যেতিয়া ৰাতি টোপনি যাওঁ, তেতিয়া আমাৰ শৰীৰৰ কোষসমূহ পুনৰ নতুনকৈ উৎপন্ন হয়৷ যাৰ বাবে আমাৰ ছালৰ সৰু সৰু ছিদ্ৰবোৰ বহল হৈ যায় আৰু মুখখনো দেখিবলৈ ফুলি যায়৷ আপুনি ইয়াক ঠিক কৰা সহজ নহয় বুলি ভাবিছে নেকি? চিন্তাৰ কোনো কাৰণ নাই৷ অলপ ঠাণ্ডা পানীৰে মুখখন ধুই দিলেই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ঠাণ্ডা পানীৰ পৰা আৰু কেনেধৰণৰ উপকাৰ হয় জানো আহক৷

(১) ঠাণ্ডা পানীৰে গা ধুলে ৰক্ত সঞ্চালন উন্নত হয়৷ যেতিয়া ঠাণ্ডা পানী আমাৰ শৰীৰত পৰে, তেতিয়া আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ তেজৰ সৰবৰাহ বৃদ্ধি হয়৷ ফলত ছালৰ শুষ্কতা আঁতৰি ছাল উজ্জ্বল হোৱাত সহায়ক হয়৷

The Best Brightening Skincare Ingredients for Glowing Skin - Ask The Scientists


(২) লগতে ঠাণ্ডা পানীয়ে হাইপাৰটেনশ্যন, স্নায়ুসমূহ ফুলি উঠা আদি সমস্যা দূৰ কৰিব পাৰে৷ সেয়েহে গৰম পানীৰ তুলনাত ঠাণ্ডা পানীৰে গা ধোৱাৰ পাছত আমাৰ শৰীৰটোৱে যথেষ্ট সতেজ আৰু সক্ৰিয় অনুভৱ কৰে৷

Varicose Veins: Everything You Need to Know


(৩) ঠাণ্ডা পানীৰে মুখ ধুলে ছালৰ সৰু সৰু ছিদ্ৰসমূহ বন্ধ হৈ যায়৷ ছিদ্ৰবোৰ ডাঙৰ হ’লে তাত সহজে ধূলি-বালি প্ৰৱেশ কৰি একনি, পিম্পলছ আদি হোৱাত অৰিহণা যোগায়৷ সেয়েহে ঠাণ্ডা পানীৰে মুখ ধুলে ছালৰ ছিদ্ৰসমূহ সৰু হৈ এনেধৰণৰ সমস্যাৰ পৰা আপোনাৰ ছালখনক সুৰক্ষিত কৰিব পাৰে৷

Drink water to get rid of those pimples! | The Times of India


(৪) ঠাণ্ডা পানীয়ে এণ্টিৰিংকল ক্ৰিমৰ দৰে কাম কৰে৷ দৈনিক ঠাণ্ডা পানীৰে মুখ ধুলে অতি সোনকালে ছালত পৰা বয়সৰ চাপৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়৷

5 Wonders a Cold Shower Can Do for Your Skin


(৫) ইয়াৰ উপৰি ঠাণ্ডা পানীয়ে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা আপোনাৰ ছালখনক সুৰক্ষা দিয়ে৷ কিয়নো যেতিয়া সূৰ্যৰ ৰশ্মি আমাৰ ছালত পৰে, তেতিয়া ছালৰ সৰু সৰু ছিদ্ৰসমূহ বহলি যায়৷ ঠাণ্ডা পানীয়ে ছালৰ ছিদ্ৰসমূহ সৰু আৰু টাইট কৰে৷

SPF - Everything You Need to Know About SPF | Be Beautiful India


(৬) ফুলা চকুৰ সমস্যাত ঠাণ্ডা পানী যথেষ্ট কাৰ্যকৰী৷ ঠাণ্ডা পানীয়ে চকুযুৰিক শীতল কৰি শান্ত কৰি ৰাখে৷

Ways to keep your eyes bright and sparkling - Telegraph India

LEAVE A REPLY

Please enter your comment!
Please enter your name here