প্ৰস্ৰাৱ জ্বলা-পোৰাৰ কাৰণ আৰু প্ৰতিকাৰৰ উপায় কি?

0
2209
জহকালি অত্যধিক গৰমৰ ফলত প্ৰায়ভাগৰ ক্ষেত্ৰতে হোৱা এটা সমস্যা হ’ল পেচাব জ্বলা-পোৰা কৰা৷ এই সময়ছোৱাত বহুতে প্ৰস্ৰাৱ জ্বলা-পোৰা বা ইউৰিন ইনফেকশ্যনত ভোগে যদিও মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়৷ সাধাৰণতে বেক্টেৰিয়া বা ফাংগাছৰ দ্বাৰা সংক্ৰমিত হ’লে পেচাব জ্বলা-পোৰাৰ সমস্যা হয়৷ জানো আহক এই গুৰুতৰ সমস্যা হ’লে কিদৰে সুফল পোৱা যায়৷

[১] প্ৰস্ৰাৱ জ্বলা-পোৰাৰ মূল কাৰণটো হ’ল শৰীৰত পৰ্যাপ্ত পানীৰ পৰিমাণ কমি যোৱা৷ পানীয়ে আমাৰ দেহৰ বেছিভাগ ৰোগ নিৰাময়ত সহায় কৰে৷ শৰীৰত পৰ্যাপ্ত পৰিমাণে পানী নাথাকিলে পেচাব জ্বলা-পোৰা হয়৷ সাধাৰণতে গৰমৰ দিনত আমাৰ দেহৰ পৰা ঘাম আকাৰে যথেষ্ট পানী বাহিৰ হয়৷ এই পানীৰ অভাৱ পূৰণৰ বাবে যথেষ্ট পৰিমাণে পানী সেৱন কৰা দৰকাৰ৷ আনহাতে দেহৰ অপকাৰী জীৱাণুসমূহো পানীৰ যোগেদি শৰীৰৰ পৰা বাহিৰ ওলাই পেচাব জ্বলা পোৰাৰ সমস্যা দূৰ কৰে৷


[২] পেচাব জ্বলা-পোৰাৰ সমস্যা দূৰ কৰিবলৈ আপুনি নিয়মিতভাৱে সেউজীয়া শাক-পাচলি খাদ্য হিচাপে গ্ৰহণ কৰক৷ শাক-পাচলিত ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰক প্ৰয়োজনীয় পানীৰ যোগান ধৰে৷


[৩] প্ৰস্ৰাৱ জ্বলা-পোৰা ৰোধৰ বাবে পেটত সহ্য কৰিব পৰাকৈ গৰম চাপ দিব পাৰে৷ গৰম চাপে ইউৰিন ইনফেক্‌শ্যন দূৰ কৰাত সহায় কৰে৷ মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বেথা নিৰাময়ৰ বাবে Heating Pad ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ ফলত তলপেটৰ বেথা দূৰ হোৱাৰ উপৰি প্ৰস্ৰাৱ জ্বলা-পোৰা সমস্যা বা ইউৰিন ইনফেক্‌শ্যন নাইকিয়া হয়৷


[8] প্ৰস্ৰাৱ জ্বলা পোৰা সমস্যা নোহোৱা কৰিবলৈ আপুনি দৈনিক ৭-৮ গ্লাছ পানী সেৱন কৰক৷ তদুপৰি তৰমুজ, আম, আপেল, আঙুৰ, ডাব নাৰিকল, ফলৰ ৰস, আনাৰস আদি প্ৰচুৰ পৰিমাণে পানী থকা ফল সেৱন কৰক৷ এইবিলাকে প্ৰস্ৰাৱ জ্বলা-পোৰা সমস্যা লাঘৱ কৰিব৷


[৫] দৈ প্ৰস্ৰাৱ জ্বলা-পোৰা সমস্যাৰ বাবে খুবেই কাৰ্যকৰী৷ দৈত থকা বেক্টেৰিয়াই দেহৰ জীবাণু বিনাশ কৰে৷ আনহাতে দৈনিক দৈ খালে দেহত Ph বৃদ্ধিত সহায় কৰে৷ সেয়েহে প্ৰতিদিনে খাদ্য তালিকাত ২-৩ কাপ দৈ ৰাখক৷


[৬] ইয়াৰ উপৰি নিমপাতৰ ৰস, চিৰতাৰ ৰসেও প্ৰস্ৰাৱৰ জ্বলা-পোৰা দূৰ কৰে৷


[৭] আদাৰ ৰস, জিৰাৰ গুড়ি একেলগে পিচি কুহুমীয়া পানীত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো দৈনিক সেৱন কৰিলে প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here