ওজন বৃদ্ধিও High blood pressure-ৰ কাৰণ হ’ব পাৰে

0
730
High blood pressure বা উচ্চ ৰক্তচাপক silent killer বুলি কোৱা হয়৷ কিয়নো প্ৰথমাৱস্থাত ই কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ভিতৰি ভিতৰি এজন মানুহৰ ক্ষতি কৰিব পাৰে৷ সেয়েহে ৰক্তচাপ নিয়ন্ত্ৰণত থকাটো অতি জৰুৰী৷ ইয়াৰ বাবে আপোনাৰ দৈনন্দিন জীৱন-ধাৰণ প্ৰণালাী আৰু খাদ্য সম্ভাৰৰ অলপ পৰিৱৰ্তন কৰি আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে৷

[১] এই ক্ষেত্ৰত শৰীৰচৰ্চা উত্তম উপায়৷ দৈনিক অতিকমেও আধা ঘণ্টা যদি আপুনি শৰীৰচৰ্চা কৰে, তেন্তে আপোনাৰ সৰ্বশৰীৰ সুস্থ হৈ থকাৰ লগতে উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণত থাকিব৷

Yoga For Blood Pressure - The Various Asanas For Blood Pressure - YouTube


[২] অত্যধিক পৰিমাণৰ নিমখ সেৱনেও ৰক্তচাপ বৃদ্ধি কৰিব পাৰে৷ লাগিলে সেয়া কেঁচাই হওক বা ৰন্ধাই হওক৷ সেয়েহে যিমান পাৰি নিমখ আৰু ছডিয়ামযুক্ত খাদ্য কমাই খোৱা উচিত৷


[৩] ওজন বৃদ্ধিয়ো উচ্চ ৰক্তচাপৰ কাৰণ হ’ব পাৰে৷ আপোনাৰ শৰীৰত যদি অধিক চৰ্বি জমা হয়, তেন্তে কেতিয়াবা শুই থাকোঁতে হঠাতে উশাহ বন্ধ হোৱাৰ দৰে হ’ব পাৰে৷ ইয়ে আপোনাৰ ৰক্তচাপ বৃদ্ধি কৰিব পাৰে৷

Fat Sleep High Res Stock Images | Shutterstock


[8] অধিক পৰিমাণে ধূমপান আৰু মাদকদ্ৰব্য সেৱনেও উচ্চ ৰক্তচাপত অৰিহণা যোগায়৷

Alcoholism, Alcohol Misuse, and Alcohol Dependence


[৫] পটেচিয়ামে প্ৰাকৃতিকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে৷ ইয়াৰ ভিতৰত কল, ডালিম, তৰমুজ আদি উত্তম পথ্য৷

Juicy Ripe Red Watermelon With Bananas Stock Photo, Picture And Royalty Free Image. Image 62737818.


[৬] অত্যধিক স্ত্ৰেচ, খং, মানসিক চাপে ৰক্তচাপত প্ৰভাৱ পেলায়৷ সেয়েহে যোগ-প্ৰাণায়াম আদি কৰি মনটোক শান্ত কৰি ৰাখিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here