প্ৰতিবেদনত প্ৰকাশ : গৰমত প্ৰাণৰক্ষা কৰিব গছে

0
221


নগৰীয়া অঞ্চলত অধিক মাত্ৰাত গছ ৰোপণ কৰিলে গৰম তথা গ্ৰীষ্ম প্ৰবাহত হোৱা মৃত্যুৰ সংখ্যা এক তৃতীয়াংশ পৰ্যন্ত হ্ৰাস কৰিব পৰা যাব৷ এটা অধ্যয়নৰ পৰা বিজ্ঞানীসকলে এই কথা প্ৰকাশ কৰিছে৷ উক্ত অধ্যয়নৰ পৰা গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে যে গ্ৰীষ্মকালত তাপমাত্ৰা হ্ৰাস কৰাত গছৰ ভূমিকা অসাধাৰণ হ’ব পাৰে৷ এই সম্পৰ্কত চলোৱা এটা অধ্যয়নৰ পৰা এইবুলি কোৱা হৈছে যে যিকোনো নগৰীয়া অঞ্চলত ৩০ শতাংশ বৃক্ষৰোপণ বৃদ্ধি কৰিলে গ্ৰীষ্ম কালত তাপমাত্ৰাৰ হাৰ গড় হিচাপত ০.৪ ডিগ্ৰী ছেলচিয়াছপৰ্যন্ত হ্ৰাস কৰিব পৰা যাব৷ দ্য লানচেট জাৰ্নেলত এই অধ্যয়নৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ ইয়াত কোৱা হৈছে যে ২০১৫ চনত গ্ৰীষ্ম প্ৰবাহৰ কাৰণে ইউৰোপৰ ৯৩খন মহানগৰত ৬৭ হাজাৰ লোকৰ অকাল মৃত্যু হৈছিল৷ কিন্তু বৃক্ষৰোপণৰ জৰিয়তে ইয়াৰ এক তৃতীয়াংশ মৃত্যু প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন৷ বৰ্তমান ইউৰোপত নগৰীয়া অঞ্চলত ১৫ শতাংশতকৈও কম অঞ্চলত গছ-গছনি আছে৷ বাৰ্চিলোনা ইন্‌ষ্টিটিউট ফৰ গ্লবেল হে’ল্‌থৰ গৱেষক তথা উক্ত প্ৰতিবেদনৰ মুখ্য লেখক তামাৰা লংমেনে কয় যে এই অধ্যয়নে ইয়াকে প্ৰমাণ কৰিলে যে নগৰীয়া অঞ্চলত অতিৰিক্ত বৃক্ষৰোপণে মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here