পৌৰ নিগমে নিৰ্মাণ কৰিব জাবৰ নিষ্কাশনৰ বিজ্ঞানসন্মত প্ৰকল্প

0
304

গুৱাহাটীৰ ২নং মঠঘৰীয়াত গুৱাহাটী পৌৰ নিগমে এক অভিযান চলায়৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মা আৰু মধ্য আৰক্ষী জিলাৰ এ ডি চি পি পল্লৱ তামুলী এই অভিযানত উপস্থিত থাকে৷ ২নং মঠঘৰীয়াস্থিত চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি মঠঘৰীয়া ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ নামত একাংশ লোকে বেদখল কৰি আহিছিল৷ উক্ত ভূমিখিনি একাংশ ব্যৱসায়ীয়ে বেদখল কৰি শিল, বালি ৰখাৰ লগতে বিভিন্ন যান-বাহন আদি পাৰ্কিং কৰি ৰাখিছিল৷ গুৱাহাটী পৌৰ নিগমে দখল মুক্ত কৰে অবৈধভাৱে বেদখল কৰি ৰখা এই চৰকাৰী ভূমিখিনি৷ উক্ত ভূমিখিনিৰ চাৰি ভাগৰ এভাগ ভূমিত গুৱাহাটী পৌৰ নিগমে নিৰ্মাণ কৰিব জাবৰ নিষ্পত্তিৰ বাবে সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে এটা প্ৰকল্প৷ প্ৰকল্পটোত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে জাবৰ নিষ্কাশন কৰা হ’ব৷ বাকী থকা চাৰি ভাগৰ তিনি ভাগ ভূমিত মঠঘৰীয়া ৰাইজৰ বাবে নিৰ্মাণ কৰা হ’ব এখন খেলপথাৰ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত এনেদৰে নিৰ্মাণ কৰা হ’ব জাবৰ নিষ্কাশন প্ৰকল্প৷ প্ৰকল্প স্থান সন্দৰ্ভত তথা বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত বিপথে পৰিচালিত কৰা মানুহৰ কথাত ভুল নাযাবলৈ মঠঘৰীয়াবাসীক পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই আহ্বান জনাইছে৷ মঠঘৰীয়াবাসীয়ে গুৱাহাটী পৌৰ নিগমক সহযোগ কৰাৰ বাবে ধন্যবাদ জনায় আয়ুক্তগৰাকীয়ে৷ ইফালে পৌৰ নিগমৰ এই ঘোষণাক আদৰণি জনাইছে স্থানীয় ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here