শোৱাৰ সময়ত চুলি মেলি শোৱে নেকি?

0
512

আমি ছালৰ প্ৰতি বহুত বেছি যত্নপৰ হওঁ যদিও চুলিৰ যত্নৰ ক্ষেত্ৰত যথেষ্ট অৱহেলা কৰোঁ৷ মহিলাসকলে গোটেই দিনটো অফিচ-কাছাৰী বা অন্যান্য ঘৰুৱা কাম-কাজত ব্যস্ত থকা বাবে চুলিকোছাৰ যত্ন ল’বলৈ যেন আহৰিয়েই নাপায়৷ অতিৰিক্ত প্ৰদূষণ, ধূলি-বালিৰ কাৰণে  চুলিখিনিৰ ওপৰত সহজে কুপ্ৰভাৱ পৰে৷ বিশেষকৈ শীতকালত চুলিকোছা ৰুক্ষ, অনুজ্জ্বল হৈ পৰে৷ শোৱাৰ আগে আগে মুখখনত নাইট ক্ৰিম আদি ঘঁহি যতন সঠিকভাৱে লোৱা হয় যদিও চুলিকোছাৰ কোনো পৰিচৰ্যা নকৰে৷ ইয়াৰ লগতে বহুতৰে শোৱাৰ সময়ত চুলি মেলি শোৱাৰ অভ্যাস আছে৷ শোৱাৰ আগতে চুলিকোছাৰ কিদৰে যত্ন ল’ব জানো আহক৷
চুলিৰ যত্নত তেল কিমান উপকাৰী সেই কথা সকলোৱে জানে৷ তেলে চুলিক নৰম তথা চকচকীয়া উজ্জ্বল কৰাত সহায় কৰে৷ ইয়াৰ লগতে চুলিকোছাৰ পুষ্টিৰ যোগান ধৰে৷ ৰাতি শোৱাৰ আগে আগে অলপ তেল সামান্য গৰম কৰি মূৰত কিছু সময় মাচাজ কৰিব পাৰে৷ তাৰ পাছত চুলিখিনি বান্ধি ৰাখক৷ এইদৰে মাচাজ কৰাৰ ফলত চুলি মজবুত হয়৷ তেলৰ পৰিৱৰ্তে  ছিৰামো ব্যৱহাৰ কৰিব পাৰে৷
শোৱাৰ সময়ত গাৰn ব্যৱহাৰ কৰিলে গাৰুৰ ওপৰত এখন কপাহী পাতল কাপোৰ পাৰি ল’ব৷ তেনে কৰিলে চুলিটাৰিয়ে আৰাম পায় আৰু চুলি কমকৈ সৰে৷

কৰ্মব্যস্ত জীৱনত বহুতেই নিয়মমতে চুলি নোধোৱে বা ছেম্পু নকৰে৷ তেনে কৰিলে চুলিৰ গুৰিত ময়লা জমা হয় আৰু খজুৱতি, চুলি সৰা আদি সমস্যাই দেখা দিব পাৰে৷
ভিজা চুলিৰে বেছি সময় নাথাকিব৷ ইয়াৰ কাৰণে চুলি ফাটিব পাৰে৷ এই ক্ষেত্ৰত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিব পাৰে৷
শোৱাৰ আগতে সদায় চুলিকোছা ফণিয়াব ল’ব৷ এই কাৰ্যৰ ফলত চুলিকোছা সুস্থ থকাৰ লগতে চুলিৰ বিভিন্ন সমস্যাৰ পৰা সকাহ দিয়াব পাৰে৷ চুলি ফণিওৱাৰ ফলত মূৰৰ ৰক্ত সঞ্চালনৰ মাত্ৰা বৃদ্ধি হয়৷ ইয়াৰ উপৰি চুলিৰ বৃদ্ধিতো ই সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here