পৃথিৱীৰ বাবে প্ৰত্যাহ্বান : মহাকাশত ভাইৰাছ আৱিষ্কাৰ

0
90


কৰ’না ভাইৰাছে পৃথিৱীত সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে সকলোৰে মনত আছে৷ এই পৰিস্থিতিৰ কথা নৌ পাহৰোঁতেই বৈজ্ঞানিকসকলে আন এক সতৰ্কবাণী শুনাইছে৷ বৈজ্ঞানিকসকলে প্ৰকাশ কৰা মতে পৃথিৱীত মহাকাশৰ পৰা অহা ভাইৰাছৰ সন্ধান পোৱা গৈছে৷ ই পৃথিৱীৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলিও বৈজ্ঞানিকসকলে সতৰ্ক কৰি দিয়ে৷ আমেৰিকাৰ ছেনডিয়াগো বিশ্ববিদ্যালয় আৰু এৰিজনা ষ্টেট ইউনিভাৰ্ছিটিত হোৱা এক গৱেষণাৰ পৰা বৈজ্ঞানিকসকলে পৃথিৱীত মহাকাশৰ পৰা অহা বহিঃভাইৰাছ থকাৰ ইংগিত পোৱা বুলি নিশ্চিত কৰিছে৷ আমেৰিকাৰ লগতে কানাডা আৰু স্পেইনৰ বৈজ্ঞানিকসকলে এইবুলি প্ৰকাশ কৰিছে যে কেইবছৰমানৰ আগতে স্পেইনৰ ছিয়েৰা নেভাডা পৰ্বত শৃংখলাত কৰা গৱেষণাৰ সময়ত ৮০ কোটি ভাইৰাছ আৰু বেক্টেৰিয়া দেখা পোৱা গৈছিল৷ পৰ্বত শৃংখলাৰ ওপৰত ভাইৰাছ বা বেক্টেৰিয়া ক’ৰপৰা কেনেকৈ আহিল, তাক লৈ বৈজ্ঞানিকসকলো আচৰিত হৈ পৰে৷ ইয়াৰ কাৰণ হ’ল পৰ্বত শৃংখলাৰ ওপৰত প্ৰদূষণ বা মানৱ বসতিস্থলো নাছিল৷ বৈজ্ঞানিকসকলে প্ৰকাশ কৰা অনুসৰি মানুহ এই ভাইৰাছ বা বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহিলে গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে৷ আনকি মৃত্যুৰ আশংকাও নথকা নহয়৷ এৰিজনা ষ্টেট ইউনিভাৰ্ছিটিৰ এষ্ট্ৰ’বায়’লজিষ্ট, কছম’লজিষ্ট আৰু বিয়াণ্ড চেণ্টাৰ ফৰ ফাণ্ডামেণ্টেল কনচেপ্টছ ইন ছায়েন্সৰ সঞ্চালক অধ্যাপক পল ডেভিছে কয় যে এই ভাইৰাছ তথা বেক্টেৰিয়াই বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ বাবে আন স্থানত জীৱ থকাৰ সম্ভাৱনাক অধিক সবল কৰিছে৷ অধ্যাপক ডেভিছে কয় যে যদিহে এই ভাইৰাছ তথা বেক্টেৰিয়া মহাকাশৰ পৰা আহিছে তেতিয়াহ’লে তাত এনেকুৱা পৰিৱেশ আছে, যিটো মানুহৰ জীৱনৰ বাবে প্ৰয়োজন৷ সেয়েহে মহাকাশত জীৱ থকাৰ সম্ভাৱনাক অস্বীকাৰ কৰিব নোৱাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here