ছুইডেন ইউৰোপৰধূমপানমুক্ত প্ৰথমখন দেশ

0
116


বিশ্বৰ বিভিন্ন দেশত ধূমপানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ তাৰ মাজতো এই দেশবোৰত ধূমপান কৰি থকা হৈছে৷ আনহাতে কিছুমান দেশত ৰাজহুৱা স্থানত ধূমপান নিষেধ কৰা হৈছে৷ ছুইডেনো তেনেকুৱা এখন দেশ৷ কিন্তু ছুইডেন অচিৰেই ধূমপানমুক্ত ইউৰোপৰ প্ৰথমখন দেশ হ’বলৈ আগবাঢ়িছে৷ ইয়াৰ কাৰণ হ’ল এনে এবিধ ধঁপাতজাত সামগ্ৰী, যাক সেৱন কৰিলে ধোঁৱা নোলায়৷ আচলতে ছুইডেনক ধূমপানমুক্ত কৰাত সহায় কৰিছে স্নাছ নামৰ এই বিশেষ ধঁপাতজাত সামগ্ৰীবিধে৷ স্নাছ এবিধ সেমেকা ধঁপাতৰ গুড়ি আৰু ইয়াক আমাৰ ইয়াত চাধা খোৱাৰ দৰে ওঁঠৰ তলত ৰাখি খোৱা হয়৷ ছুইডেনত ই অতি জনপ্ৰিয় আৰু প্ৰতি সাতজন ব্যক্তিৰ এজনে ইয়াক সেৱন কৰে৷ স্নাছ সেৱন কৰাৰ ফলত ছুইডেনত ধূমপান কৰা লোকৰ হাৰ ২০০৫ চনত ১৫%ৰ পৰা যোৱা বছৰ ৫.২%লৈ হ্ৰাস পায়৷ এই দেশখন অচিৰেই ধূমপানমুক্ত দেশ হোৱাৰ পথত আগবাঢ়িছে৷ কোনো এখন দেশত যেতিয়া ধূমপান কৰা লোকৰ হাৰ ৫%তকৈ কম তেতিয়া সেই দেশখনক ধূমপানমুক্ত বুলি কোৱা হয়৷ ছুইডেনে অচিৰেই এই আখ্যা লাভ কৰিব৷ মন কৰিবলগীয়া যে ছুইডেন ইউৰোপিয়ান ইউনিয়নৰ সদস্য দেশ৷ ইউৰোপিয়ান ইউনিয়নে ১৯৯২ চনতে স্নাছ নিষিদ্ধ কৰি থৈছে৷ কিন্তু ছুইডেনৰ লোকসকলৰ মতে, স্নাছ দেশখনৰ সংস্কৃতিৰ অংশ৷ স্নাছ দেশখনৰ লোকসকলে প্ৰায় দুশ বছৰ ধৰি সেৱন কৰি আহিছে৷ স্নাছ প্ৰস্তুতৰ কাৰণে ধঁপাত ভাৰত বা আমেৰিকাৰ পৰা অনা হয়৷ স্নাছ টি বেগৰ নিচিনা সৰু সৰু পেকেটত ৰখা হয়৷ স্নাছ দুই ধৰণৰ পোৱা যায়৷ এবিধত পৰম্পৰাগত ধঁপাত থাকে আৰু আনবিধ ছিন্থেটিক নিক’টিনেৰে প্ৰস্তুত কৰা হয় আৰু ইয়াত ফ্লেভাৰ দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here