শীতকালত মধুৰিআম বেছিকৈ খালেএইবোৰ সমস্যা হ’ব পাৰে

0
345


মধুৰিআম এবিধ সুস্বাদু তথা শৰীৰৰ বাবে উপকাৰী ফল৷ শৰীৰৰ বিভিন্নধৰণৰ সমস্যাপ পৰা মধুৰিআমে পৰিত্ৰাণ দিব পাৰে৷ শৰীৰ সুস্থ , নিৰোগী কৰি ৰাখিবলৈ মধুৰিআম খোৱা নিতান্তই প্ৰয়োজন৷ কিন্তু ইমানৰ পাছতো আপুনি শীতকালত বেছিকৈ মধুৰিআম খাইছে নেকি? খালে হ’ব পাৰে বিপদ৷ শীতত অত্যধিক পৰিমাণে মধুৰিআম খালে শৰীৰৰ নানা আহুকালে দেখা দিব পাৰে৷ মধুৰিআমৰ বিভিন্ন উপকাৰ আছে যদিও সকলো বস্তুৱে অত্যধিক পৰিমাণে সেৱন কৰিলে উপকাৰতকৈ অপকাৰ হোৱাৰ সম্ভাৱনাহে বেছি থাকে৷ শীতকালত যিসকলৰ চৰ্দি-কাহ আদিৰ সমস্যা থাকে, তেওঁলোকে মধুৰিআম নোখোৱাই ভাল৷ কাৰণ এইবোৰ সমস্যাত মধুৰিআম খালে বেছি বঢ়াৰহে সম্ভাৱনা থাকে৷ মধুৰিআম গৰ্ভৱতী মহিলা বাবে অত্যন্ত উপকাৰী যদিও শীতকালত বেছি খোৱাৰ ফলত শাৰীৰিক নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ হজমশক্তি বঢ়োৱাত মধুৰিআমে যথেষ্ট সহায় কৰে ঠিকেই পিছে শীতকালত বেছি মাত্ৰাত মধুৰিআম খালে গেছৰ সমস্যা বৃদ্ধি পাব পাৰে৷ শীতকালত মধুৰিআম খোৱাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা বাঢ়ে৷ মধুৰিআম যায়েবেটিছ ৰোগীৰ বাবে উত্তম বুলি ধৰা হয় যদিও যিসকলৰ শৰীৰত শৰ্কৰাৰ মাত্ৰা কম বা ডায়েবেটিছৰ ঔষধ নিয়মিতভাৱে সেৱন কৰে, তেনে লোকে মধুৰিআম খাওঁতে সাৱধান হ’ব৷ কিয়নো মধুৰিআমে দেহত চেনিৰ মাত্ৰা কমাই দিব পাৰে৷ যিসকল শৰীৰত ৰক্তচাপৰ পৰিমাণ কম থাকে, তেওঁলোকে শীতকালত মধুৰিআম নোখোৱাই ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here