পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ, দুৰ্লভ প্ৰজাতিৰপতংগবিধৰ দাম শুনিলে আচৰিত হ’ব

0
813


বিশ্বত ক্ষুদ্ৰ আকৃতিৰ পৰা বিশালকায় নানা প্ৰজাতিৰ কীট-পতংগ দেখিবলৈ পোৱা যায়৷ লাখ লাখ প্ৰজাতিৰ পতংগ পোৱা যায় এই বিশ্বত৷ এইবোৰৰ ভিতৰত আমাৰ বাবে কিছু উপকাৰী আৰু আন কিছু অপকাৰী৷ বিভিন্ন কাৰণত এইবোৰ বিক্ৰী হয়৷ আনহাতে বিভিন্ন কীট-পতংগৰ বজাৰ দৰো সুকীয়া৷ পিৃথৱীত এইদৰে পোৱা কীটসমূহ ভিতৰত এটা পতংগৰ দাম শুনিলে আপোনাৰ মূৰ আচন্দ্ৰাই যাব৷ আকাৰত ২-৩ ইঞ্চি দীঘল এই পোকবিধৰ দামেৰে এখন বিলাসী গাড়ী কিনিব পৰা যায়৷ জানিব পৰা মতে কেইবছৰমান আগতে জাপানৰ এজন ব্যক্তিয়ে এই পোকবিধ বিক্ৰী কৰিছিল৷ তেতিয়াই এই পতংগবিধৰ দাম আছিল ৮৯ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৭২ হাজাৰ টকা৷ পৃথিৱীত পোৱা পতংগবোৰৰ ভিতৰত এই প্ৰজাতিৰ পতংগ আটাইতকৈ দুৰ্লভ আৰু ক্ষুদ্ৰ আকৃতিৰ৷ এই আচৰিত ধৰণৰ তথা সমাদৃত পতংগবিধৰ নাম হ’ল ষ্টেগ বীটল৷ লুকানিডে পৰিয়ালৰ এই পতংগবিধৰ প্ৰায় ১২শ প্ৰজাতি আছে৷ এই পতংগবিধৰ ইমান দাম হোৱাৰ প্ৰধান কাৰণ হ’ল এই পতংগবিধ দুৰাৰোগ্য ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ সেয়েহে ইয়াৰ দাম অত্যধিক৷ কিন্তু এই অমূল্য পোকবিধ বৰ্তমান বিলুপ্তি হোৱাৰ পথত৷ সাধাৰণতে এই পোকবিধে পচা কাঠৰ লগতে ফলৰ ৰস, গছৰ ৰস, পানী আদি খাই জীয়াই থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here