বিজ্ঞানীৰ ঘোষণা : নক্ষত্ৰৰ বিস্ফোৰণত সৃষ্টি হ’ব সোণ

0
172
মহাকাশ বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এনেকুৱা এক তাৰকামণ্ডল আৱিষ্কাৰ কৰিছে, য’ত এদিন অতি কিল’নভা বিস্ফোৰণৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত সোণৰ সৃষ্টি হ’ব৷ উক্ত তাৰকামণ্ডলত থকা দুটা নিউট্ৰন নক্ষত্ৰৰ খুন্দাৰ ফলত এই বিস্ফোৰণৰ সৃষ্টি হ’ব৷ বিস্ফোৰণৰ ফলত উক্ত নক্ষত্ৰ দুটা পৰস্পৰৰ লগত বিলীন হৈ  পৰিব৷ বিজ্ঞানীসকলে এই তাৰকা মণ্ডলটোক বিৰল বুলি অভিহিত কৰে৷ বিশ্বব্ৰহ্মাণ্ডত মাত্ৰ এনে দহটা তাৰকামণ্ডল আছে৷ জ্যোতিৰ্বিজ্ঞানীসকলে বাইনেৰী তাৰকা প্ৰণালীক আৱিষ্কাৰ কৰাৰ বাবে ছিলিত থকা ছেৰ’ ট’ল’ ইণ্টাৰ আমেৰিকান অবজাৰভেটৰি স্মাৰ্টছ ১.৫ মিটাৰৰ দূৰবীণৰ সহায় লৈছিল৷ এই প্ৰণালীটো আমাৰ হাতীপটিৰ তাৰকা ৰাজ্যৰ পৰা প্ৰায় এঘাৰ হাজাৰ আলোকবৰ্ষ দূৰত আছে৷ এই প্ৰণালীটোত কিল’নভা বিস্ফোৰণৰ বাবে প্ৰয়োজন হোৱা পৰিৱেশ আছে৷ এই চি ডি পি ২৯ ২১৭৬ প্ৰণালীটো সৰ্বপ্ৰথমে চিনাক্ত কৰিছিল নাছাৰ নীল গেহলৰ্ছ ছুইফট অবজাৰভেটৰিয়ে৷ পাছত স্মাৰ্টছ ১.৫ মিটাৰৰ দূৰবীণৰ জৰিয়তে ইয়াৰ বিশ্লেষণ কৰা হয়৷ বিজ্ঞানীসকলৰ মতে এই তাৰকা মণ্ডলীত আল্ট্ৰা  ষ্টাপড ছুপাৰন’ভাৰ দ্বাৰা সৃষ্টি হোৱা এটা নিউট্ৰন নক্ষত্ৰৰ সৈতে এটা কাষেৰে পৰিভ্ৰমণ কৰি থকা বিশাল নক্ষত্ৰৰ সৈতে খুন্দা মাৰিব৷ আল্ট্ৰা
 ষ্টাপড ছুপাৰন’ভা এটা নক্ষত্ৰত অন্ত হোৱা বিস্ফোৰণ৷ এই পৰিঘটনালৈ বিজ্ঞানীয়ে আগ্ৰহৰে বাচাই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here