পুৰুষৰ যৌন শক্তি কিয় কমি যাব পাৰে ?

0
52


বহু পুৰুষেই যৌনাকাংক্ষা কম হোৱাৰ সমস্যাত ভুগি থাকে৷ এই সমস্যাৰ আঁৰত খাদ্যাভ্যাসত মাৰাত্মক প্ৰভাৱ থাকিব পাৰে৷ কিয়নো খাদ্যাভ্যাসে আপোনাৰ লিবিডোত ক্ষতিকৰ প্ৰভাৱ পেলাব পাৰে৷ বিশেষকৈ যেতিয়া বয়স বাঢ়ি যায়, তেতিয়া এই ক্ষতিকৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে৷ সেয়ে যিবিলাক খাদ্যই আপোনাৰ যৌন ইচ্ছা কমাই দিয়ে অথবা যৌন ক্ষমতা নষ্ট কৰে, সেইবোৰ খাদ্য খাদ্য তালিকাৰ পৰা বাদ দিয়ক৷ কি কি খাদ্যৰ বা কুঅভ্যাসৰ ফলত পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পায় জানো আহক৷
দৈনিক যিসকল লোকে মদ্যপান বা ধূমপান সেৱন কৰে, অৰ্থাৎ যিসকলে মদ্যপান বা ধূমপান কৰাটো একধৰণৰ নিচাত পৰিণত কৰিছে, তেনে লোকৰ ক্ষেত্ৰত যৌনস্পৃহা বা যৌন শক্তি দুৰ্বল দেখা যায়৷ গৱেষণাত দেখা গৈছে যে যিসকল পুৰুষৰ ইডি বা লিংগৰ উত্থানজনিত সমস্যা আছে, তেওঁলোকৰ বেছিভাগেই ধূমপান বা মদ্যপান কৰা লোক৷
পুৰুষসকলৰ জীৱনসংগী বা স্ত্ৰী নহৈ বৰং দুশ্চিন্তাৰ কাৰণ হৈয়ে পৰে৷ স্ত্ৰীৰ বিভিন্নধৰণৰ পেইনে লাহে লাহে পুৰুষৰ শৰীৰৰ স্বাভাৱিক কাৰ্যক্ষম নষ্ট কৰি দিব পাৰে৷ যাৰ ফলত যৌন ক্ষমতা হ্ৰাস পাবলৈ ধৰে৷
শৰীৰৰ ওজন স্বাভাৱিকতকৈ বেছি থাকিলে যৌন সংগমৰ ইচ্ছা কমি যাব পাৰে৷ আনহাতে ওজন কম থাকিলেও কিন্তু একেই অসুবিধা হ’ব পাৰে৷
এক গৱেষণাৰ পৰা জনা গৈছে যে যিসকলে নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰে, তেওঁলোকৰ যৌন ক্ষমতা আনসকলৰ তুলনাত বেছি থাকে৷ কিয়নো নিয়মিত ব্যায়াম কৰাৰ ফলত শৰীৰৰ ৰক্ত সঞ্চালনৰ পৰিমাণ বৃদ্ধি পায়. যিয়ে যৌনাকাংক্ষা বৃদ্ধিত সহায় কৰে৷
বদহজমৰ কাৰণেও যৌন শক্তি কমি যাব পাৰে৷ কোনো খাদ্য হজম নোহোৱাৰ বাবে শৰীৰৰ তেজ প্ৰস্তুত নহয়, যিয়ে যৌনকৰ্মত বিৰূপ প্ৰভাৱ পেলায়৷
বহুতৰে মস্তিষ্কৰ দুৰ্বলতাৰ বাবেও যৌন শক্তি কমি যাব পাৰে৷ যেতিয়া যৌনাংগৰ সিৰা দুৰ্বল হৈ যায়, তেতিয়া অনৱৰতে একধৰণৰ মূৰৰ বিষ অনুভৱ হৈ থাকে৷ যাৰ ফলত সহবাসৰ সময়ত অস্থিৰতা অনুভৱ হয় আৰু চকুৰে অন্ধকাৰ দেখিবলৈ লয়৷ অথবা সহবাসৰ সময়ত যথেষ্ট ক্লান্তি অনুভৱ হয়৷ যাৰ বাবে যৌনক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here