কৃতিত্ব : অসমৰ বিজ্ঞানীৰ Swine flu-ৰ ভেক্‌চিন উদ্ভাৱন

0
42


দেশ-বিদেশত মহামাৰীৰ ৰূপ ধাৰণ কৰা Swine flu-ৰ ৰোধৰ বাবে অসমত উদ্ভাৱন হৈছে ভেকচিন৷ প্ৰায় চাৰি বছৰজোৰা গৱেষণাৰ অন্তত আই আই টি, গুৱাহাটী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰি উলিয়াইছে Swine flu-ৰ ভেক্‌চিন৷ ইতিমধ্যে ব্যাৱসায়িক ভিত্তিক উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা এই ভেকচিন ভাৰতবৰ্ষত উৎপাদিত Swine flu-ৰ প্ৰথমটো ভেকচিন হিচাপে প্ৰতিপন্ন হোৱাৰ লগতে ই দ্ৰুতভাৱে কাৰ্যক্ষম আৰু কম খৰচী হিচাপেও পৰিগণিত হৈছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে পৰীক্ষামূলভাৱে এই ভেকচিন গাহৰিৰ শৰীৰৰ প্ৰয়োগ কৰি ৰোগ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হয়৷ মানুহৰ শৰীৰৰ এই ৰোগৰ বীজাণুৱে সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে এই ভেকচিন উদ্ভাৱন কৰা হৈছে৷ আই আই টিয়ে ইতিমধ্যে এই ভেকচিনৰ প্ৰযুক্তি ব্যাৱসায়িক ভিত্তিত উৎপাদন কৰিবৰ বাবে বায়’মেড প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোক দায়িত্ব অৰ্পণ কৰিছে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে গাহৰিৰ শৰীৰত প্ৰয়োগ কৰিবলগীয়া এই ভেক্‌চিনে Swine flu-ৰ বীজাণু ৰোধ কৰিবৰ বাবে দ্ৰুততাৰে প্ৰতিৰোধক উৎপন্ন কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে আই আই টি, গুৱাহাটী আৰু অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা এই ভেকচিনটো Swine flu-ৰ প্ৰথমটো ভাৰতীয় ভেকচিন হিচাপেও পৰিগণিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here