পুৰুষত্ব একেবাৰে শিখৰত ৰাখিবলৈ এইবিধ ফল খাওক

0
72

গৰমৰ দিনৰ উৎকট গৰমৰ পৰা সকাহ পাবলৈ বহুতেই তৰমুজ খায়৷ গৰমৰ দিনত তৰমুজ অন্যতম ফল৷ তৰমুজ খাবলৈ সকলোৱে পচন্দও কৰে৷ আনহাতে তৰমুজ খালে শৰীৰত এনাৰ্জি পোৱা যায়৷ শৰীৰৰ ডিহাইড্ৰেশ্যন দূৰ কৰাত তৰমুজে সহায় কৰে৷ অৰ্থাৎ তৰমুজ স্বাস্থ্যকৰ এবিধ ফল৷ কিন্তু তৰমুজৰ গুটিৰ উপকাৰিতাৰ বিষয়ে বহুতেই অজ্ঞ৷ তৰমুজৰ বীজ ৰান্ধি খাব পাৰে৷ দাইলৰ সৈতে মিহলাই বা তৰকাৰীত দি ইয়াৰ বীজ খাব পাৰি৷ জানিব পৰা মতে তৰমুজৰ গুটি বা বীজে যৌৱন ধৰি ৰখা তথা যৌৱন শক্তিশালী কৰি ৰখাত সহায় কৰে৷ ইয়াৰ বীজে শৰীৰৰ শক্তি বৃদ্ধি কৰাত অৱদান যোগায়৷ নিয়মিতভাৱে তৰমুজৰ গুটি খালে আপোনাৰ যৌৱন হ’ব জবৰদস্ত৷ ইয়াৰ ফলে পুৰুষৰ পুৰুষত্ব বঢ়ায় তথা যৌনশক্তি বঢ়াই যুগ্ম জীৱন সুখকৰ আৰু আমোদদায়ক কৰি তোলে৷ ইয়াৰ লগতে তৰমুজৰ বীজে বাৰ্ধক্যত ধৰি ৰাখি তেজাল ঘোঁৰাৰ দৰে কৰি ৰাখে৷ ইয়াৰ উপৰি তৰমুজৰ বীজ ছালৰ বাবে খুব উপকাৰী৷ হালধি, মৌৰ সৈতে ইয়াৰ বীজ মিহলাই নিয়মিতভাৱে মুখত লগালে মুখৰ ৰুক্ষতা কমাই ছালখন উজ্জ্বল তথা নমনীয় কৰি তোলে৷ ৱাৰ্ক আউটৰ সময়ত ছিট্ৰুলাইনৰ পৰিপূৰকবোৰে আমাৰ পেশীলৈ অক্সিজেনৰ সৰবৰাহ কৰে৷ তৰমুজৰ বীজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ আপোনাৰ যদি উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেনেহ’লে তৰমুজৰ বীজ খাব পাৰে৷ কাৰণ তৰমুজৰ বীজে নিৰ্যাস ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here