পুষ্টিগুণেৰে সমৃদ্ধ সৰিয়হ শাকে কিদৰে উপকাৰ সাধে?

0
156

বিভিন্ন শাক-পাচলিৰে সমৃদ্ধ হ’ল শীতকাল৷ এই সময়ছোৱাত বজাৰত নানা তৰহৰ শাক-পাচলি সহজলভ্য হয়৷ তাৰ ভিতৰত সৰিয়হ শাকো এবিধ৷ সৰিয়হ শাকৰ স্বাদ অতুলনীয় লগতে ইয়াৰ গোন্ধ আমোলমোলাই যায়৷ এইবিধ শাক নানা পুষ্টিগুণেৰে ভৰপূৰ৷ ইয়াত এণ্টিঅক্সিডেণ্ট বিটা কেৰ’টিন, বিভিন্ন প্ৰকাৰৰ ভিটামিন পোৱা যায়৷ ভিটামিনৰ ভিতৰত ভিটামিন-বি১, ভিটামিন-বি২, ভিটামিন-বি৬, ভিটামিন-কে আদি প্ৰধান৷ ইয়াৰ বাহিৰেও সৰিয়হ শাকত আইৰন, কেলচিয়াম, পটেচিয়াম আৰু মেগনেচিয়াম আদিও প্ৰচুৰ পৰিমাণে পোৱা যায়৷ শাকবিধত কেলৰিৰ মাত্ৰা অতিকে কম থাকে, বিপৰীতে ফাইবাৰ আৰু মাইক্ৰ’নিউট্ৰিয়েণ্টৰ পৰিমাণ বেছি থাকে৷ এইবিধ শাক শৰীৰৰ বাবে অতি উপকাৰী৷ গৰ্ভাৱস্থা আৰু মেনোপজৰ সময়ত এই শাকবিধ খালে লাভজনক ফল পোৱা যায়৷

সৰিয়হ শাকত ভিটামিন-চি আৰু ভিটামিন-বি১ বিভিন্ন প্ৰকাৰ থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি সহায় কৰে৷
এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰৰ অক্সিডেটিং স্ত্ৰেচ কমোৱাত সহায় কৰে৷ সৰিয়হ শাকত বিটা কেৰ’টিন নামৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেল নষ্ট কৰি আমাক চাপমুক্ত কৰি ৰাখিব পাৰে৷
তেজত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি গ’লে হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয়৷ সৰিয়হ শাকে শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কমোৱাত সহায় কৰে৷
সৰিয়হ শাকত অক্সেলেট নামৰ এবিধ যৌগ পোৱা যায়৷ এইবিধ উপাদানে কিডনীত হ’ব পৰা পাথৰৰ আশংকা কমায় লগতে কিডনীজনিত বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে৷
সৰিয়হ শাকত থকা লিউটিন নামৰ দ্ৰব্যবিধে মস্তিষ্কৰ কোষবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি অৰিহণা যোগায়৷ সেয়েহে মানসিক চাপ, স্ত্ৰেচ, অন্যান্য মানসিক সমস্যাৰ আশংকা সৰিয়হ শাকে কমাই ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here