সুখবৰ : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ জৈৱিক চাহ

0
142

অসমৰ চাহৰ মান নিম্নগামী হোৱাৰ অজুহাত দেখুৱাই ৰাজ্যৰ বটলিফ ফেক্টৰীৰ স্বত্বাধিকাৰীসকলে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেঁচা চাহপাতৰ দাম সদায়ে কমকৈ দি অহাৰ অভিযোগ উঠাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চাহে প্ৰথম পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হয়৷ অলপতে কলকাতাত ‘আন্তঃৰাষ্ট্ৰীয় ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা’ৰ অভিৱৰ্তনত অসমৰ জৈৱিক সেউজীয়া চাহে প্ৰথম, দ্বিতীয় পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হয়৷ অভিৱৰ্তনখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু দেশী-বিদেশী ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে৷ অভিৱৰ্তনত অসমৰ কেইবাখনো জিলাৰ লগতে তিনিচুকীয়া জিলাৰ পৰাও কেইবাগৰাকী খেতিয়কে অংশগ্ৰহণ কৰে৷ তাৰ মাজৰ পৰা অসমৰ তিনিচুকীয়া জিলাৰ তালাপ-কৰ্দৈগুৰি অঞ্চলৰ পৰা যোৱা ক্ষুদ্ৰ চাহ খেতিয়ক শ্যামল মৰাণে প্ৰস্তুত কৰা সেউজীয়া জৈৱিক চাহে প্ৰথম পুৰস্কাৰ লাভ কৰে৷ শ্যামল মৰাণে হেণ্ড ৰোলিং পদ্ধতি আৰু মাকুমৰ বাৰেকুৰি অঞ্চলৰ গিৰীশ চেতিয়াই মেচিন ৰোলিং পদ্ধতিৰে প্ৰস্তুত কৰা অৰ্গেনিক গ্ৰীন টিয়ে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে৷ তিনিচুকীয়া জিলাৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ন-গাঁও ধূলিজান গাঁৱৰ নিৱাসী শ্যামল মৰাণে চলিত বৰ্ষৰ মে’ মাহৰ পৰা আৰম্ভ কৰিছে অৰ্গেনিক গ্ৰীন টি৷ নিজা বাসগৃহৰ কাষতে এটা আছুতীয়া ঘৰত প্ৰস্তুত কৰিছে গ্ৰীন টি৷ ভাৰতীয় ট্ৰিনিটি আৰু চলিডাৰিদেড নামৰ চাহ সংস্থাৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন জিলাৰ চাহ খেতিয়কৰ পৰা পৰীক্ষামূলকভাৱে চাহ সংগ্ৰহ কৰাৰ খবৰ মৰাণেও লাভ কৰি প্ৰেৰণৰ সুযোগো গ্ৰহণ কৰে৷ সেই পৰীক্ষামূলক চাহ ৰাজ্যত নিৰ্বাচিত হৈ আন্তঃৰাষ্ট্ৰীয় চাহৰ অভিৱৰ্তনলৈ প্ৰেৰিত হয়৷ পুৰস্কাৰ হিচাপে ট্ৰিনিটি আৰু চলিডাৰিদেডৰ দ্বাৰা স্বাক্ষৰিত প্ৰমাণ-পত্ৰ, এটা স্মাৰক, ফুলৰ থোপা, কাপ-প্লেট, চাহৰ পেকেট লাভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here