পঁইতা ভাত বা পন্তা ভাতে কিদৰে উপকাৰ কৰে?

0
1664
অসমীয়া সমাজত এবিধ অতি জনপ্ৰিয় খাদ্য হৈছে পঁইতা ভাত৷ ঠাই বিশেষে ইয়াক পন্তা ভাত বুলিও কোৱা হয়৷ কিছু বছৰ আগতে গাঁৱলীয়া খেতিয়ক শ্ৰেণীয়ে একাঁহী পন্তা ভাতৰ সৈতে নিমখ, কেঁচা জলকীয়া, পিঁয়াজসহিতে উদৰ পূৰাই খায় আৰু এন্ধাৰ পুৱাতেই পথাৰলৈ গৈ গোটেই দিনটো পথাৰত কাম কৰিছিল৷ অৱশ্যে বৰ্তমান এনে পৰিৱেশ গাঁৱলীয়া সমাজতো বিৰল৷ পঁইতা ভাতৰ সোৱাদেই সুকীয়া৷ ই যেনেকৈ সোৱাদভৰা, তেনেকৈ উপকাৰীও৷ পঁইতা ভাতত ছডিয়াম কম পৰিমাণে থাকে বাবে ৰন্ধা ভাততকৈ বেছি উপকাৰী৷ ইয়াৰ উপৰি আইৰন, কেলচিয়াম, পটাচিয়াম আদি পোৱা যায়৷ আজি আমি পঁইতা ভাতৰ গুণাগুণৰ বিষয়ে ক’বলৈ ওলাইছোঁ৷ জানো আহক পঁইতাভাত খালে কি উপকাৰ হয়৷

(১) শৰীৰ শক্তিশালী, সতেজ-সবল কৰি ৰাখিবলৈ পঁইতা ভাত খাওক৷
(২) পেটৰ সমস্যা সমাধান কৰে পঁইতা ভাতে৷
(৩) পঁইতা ভাত খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়৷
(৪) পঁইতা ভাতে শৰীৰত তাপমাত্ৰাৰ ভাৰসাম্য বজাই ৰাখে৷

Panta Bhat | Traditional Rice Dish From Bangladesh


(৫) ৰক্তচাপ স্বাভাৱিক কৰি ৰাখিবৰ বাবে পঁইতা ভাত খাব লাগে৷
(৬) হাৰ্ট সুস্থ কৰি ৰখাত পঁইতা ভাতে সহায় কৰে৷
(৭) পঁইতা ভাত সহজে হজম হয়৷ পঁইতা ভাতে পাকস্থলীৰ পাচনক্ৰিয়াত এমাইলেজসহ এনজাইমৰ কাৰ্যকাৰিতা বঢ়াই দিয়ে৷

Su's Kitchen by Sumitra : Panta Bhat served with Ilish Mach Bhaja, Murgir Bharta, Aloo Bhaja, DalBhate & Aam Tel


(৮) গেছ, বদহজম, এচিডিটি আদিৰ সমস্যা পঁইতা ভাতে নিৰ্মূল কৰিব পাৰে৷
(৯) শৰীৰক লাগতিয়াল পানীৰ পৰিমাণ দূৰ কৰাত পঁইতা ভাতে অৰিহণা যোগায়৷

সেয়েহে অতি সহজে পোৱা, শৰীৰৰ বাবে উপকাৰী পঁইতা ভাত পুৱাৰ সাঁজত খাই শৰীৰ শক্তিশালী, সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here