এক মিনিটত বিউটি টিপ্‌ছ

0
1441
শৰীৰৰ অন্য অংগৰ লগতে আপোনাৰ ছালখনো সমানে গুৰুত্বপূৰ্ণ৷ ছালখনে বাহিৰৰ ধূলি-বালি, প্ৰদূষণ, ৰ’দ-বতাহৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰে৷ কিন্তু আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত প্ৰায় বেছিভাগে সময়ৰ অভাৱত নিজৰ ছাল, চুলিৰ যতনৰ কথা পাহৰিয়েই যায়৷ সেয়েহে অইন দিনাৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান সহজ বিউটি টিপছ৷

(১) এলোভেৰা জেল, নেমুৰ ৰস আৰু নাৰিকল তেলৰ মিশ্ৰণেৰে সপ্তাহত দুবাৰ মূৰৰ ছাল (Scalp) মাচাজ কৰিলে চুলি মজবুত হোৱাৰ লগতে উজ্জ্বল আৰু উফি নাইকিয়া হয়৷

Coconut Oil And Lemon Juice For Hair Growth And Conditioning


(২) দৈনিক ৰাতি শোৱাৰ আগতে ঠাণ্ডা গাখীৰ চকুৰ তলত লগালে ডাৰ্ক চাৰ্কল আৰু ৰিংকল দূৰ হয়৷


(৩) গা ধুই উঠাৰ পাছত নাৰিকল তেল আৰু নেমুৰ ৰসৰ মিশ্ৰণেৰে গা মাচাজ কৰিলে ছাল মসৃণ আৰু উজ্জ্বল হয়৷

6 Benefits of Coconut Oil for Body Massage | Live Blogspot


(8) ভৰিৰ পতাত হোৱা ছানবাৰ্ন আঁতৰাবলৈ বিলাহীৰ ৰস আৰু দৈ একেলগে মিশ্ৰণ কৰি কমেও আধা ঘণ্টা লগাই ধুই দিব লাগে৷


(৫) Eyelashes বা চকুৰ নোম বৃদ্ধি কৰিবলৈ অলিভ অইল আৰু কেষ্টৰ অইল মিশ্ৰণ কৰি সপ্তাহত তিনি-চাৰিবাৰমান লগালে সুফল পাব পাৰি৷

Castor Oil for Eyelashes | How Castor Oil Grows Longer Lashes | Castor oil eyelashes, Castor oil lashes, Castor oil

LEAVE A REPLY

Please enter your comment!
Please enter your name here