ৰাজ্যত ভেক্‌চিনৰ তীব্ৰ নাটনি

0
1009
কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰয়োজন অনুসৰি কভিড-১৯ৰ ভেক্‌চিন যোগান ধৰা নাই৷ যাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰত ভেক্‌চিনৰ তীব্ৰ নাটনি ঘটিছে৷ যি সময়ত ৰাজ্যৰ কেইবাখনো জিলাত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ প্ৰয়োজন অনুসৰি ভেক্‌চিন যোগান নধৰাত ভেক্‌চিন প্ৰদান কেন্দ্ৰসমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে  ৰাজ্য চৰকাৰখনে দৈনিক তিনি লাখলোকক ভেক্‌চিন প্ৰদান কৰাৰ লক্ষ্য হাতত লৈছিল যদিও এতিয়া সেই লক্ষ্য দূৰৈৰে কথা দৈনিক গড়ে ৬০ হাজাৰো ভেক্‌চিন দিব পৰা নাই৷ যোৱা এটা সপ্তাহত (৫–১১ জুলাইলৈ) ৰাজ্য চৰকাৰখনে মাত্ৰ ৩ লাখ ৭৮ হাজাৰ লোককহে ভেক্‌চিন দিবলৈ সক্ষম হৈছে৷ আনকি পৰিস্থিতি ইমানেই শোচনীয় যে যোৱা ৭ জুলাইত মাত্ৰ ৯০৯৩ ড’জ আৰু ৮ জুলাইত ৯৬৯৫ ড’জ ভেক্‌চিনহে দিছে স্বাস্থ্য বিভাগে৷ যাৰ ফলত ৰাজ্যখনত  ভেক্‌চিন লোৱা লোকৰ সংখ্যা হৈছেগৈ মাত্ৰ ৮০,০৮,৫৯৫জন৷ অথচ ৰাজ্যখনত ১৮ বছৰৰ ঊধ্বৰ্ৰ ভেক্‌চিন ল’বলগীয়া লোকৰ সংখ্যা হৈছে প্ৰায় ২ কোটি ৩১ লাখ৷ অৰ্থাৎ এতিয়াও ৰাজ্যখনৰ প্ৰায় ১ কোটি ৫১ লাখ লোকে এটাও ড’জ ভেক্‌চিন লাভ কৰা নাই৷ ভেক্‌চিন লাভ কৰাসকলৰ ভিতৰত প্ৰথম ড’জ ভেক্‌চিন ৬৬,৫৬,৮৬৪জন লোকে লাভ কৰাৰ বিপৰীতে দুয়োটা ড’জ ভেক্‌চিন লাভ কৰা লোকৰ সংখ্যা হৈছে মাত্ৰ ১৩,৫২,৭২৯জন৷ অৰ্থাৎ ৰাজ্যখনৰ মাত্ৰ ৫.৮৪ শতাংশ লোকেহে এতিয়ালৈকে দুয়োটা ড’জ ভেক্‌চিন লাভ কৰিছে৷ মন কৰিবলগীয়া কথা যে অসমক প্ৰয়োজনীয় ভেক্‌চিন প্ৰদানত কেন্দ্ৰই কাৰ্পণ্য কৰিছে যদিও গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আদি কেইবাখনো ৰাজ্যক কিন্তু পৰ্যাপ্ত পৰিমাণৰ ভেক্‌চিন যোগান ধৰি আছে৷  উল্লেখ্য যে অসমত ভেক্‌চিনৰ যি নাটনিয়ে দেখা দিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছে৷ ৰাজ্যখনত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে ভেক্‌চিনৰ যোগান বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰক টানি অনুৰোধো জনাইছে৷ কিন্তু ৰাজ্য চৰকাৰখনৰ অনুৰোধৰ পাছতো কেন্দ্ৰীয় চৰকাৰখনে অসমলৈ ভেক্‌চিনৰ যোগান বৃদ্ধি কৰা নাই৷ যাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰত এতিয়া ভেক্‌চিন বিচাৰি ৰাইজে হাহাকাৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here