নৱজাতকক কিয় সৰিয়হৰ গাৰুত শুবলৈ দিয়া উচিত?

0
1892

শিশু এটাৰ জন্মৰ পাছত তাৰ লালন-পালনৰ ক্ষেত্ৰত বহুতো সাৱধানতা অৱলম্বন কৰা উচিত৷ শিশুটিৰ বাবে পুষ্টিকৰ আহাৰৰ পৰা আৰম্ভ কৰি শৰীৰৰ সকলো অংগৰে বিশেষ ধ্যান দিব লগা হয়, য’ত শিশুটিৰ মূৰটোকো সঠিক পৰিচৰ্যাৰ প্ৰয়োজন হয়৷ প্ৰসৱৰ সময়ত শিশুটিৰ শৰীৰটোৰ সকলো অংগৰ ভিতৰত আটাইতকৈ কোমল অংগটোৱে হৈছে মূৰটো৷ কাৰণ জন্মতে শিশুৰ মূৰটো কিছুমান সৰু সৰু উপাস্থিৰে গঠিত হয়৷ যাক সৰু থাকোঁতেই আকাৰ দিব পাৰি৷

বহু সময়ত জন্মনলীকাৰে অহাৰ সময়ত শিশুৰ মূৰৰ আকৃতি বেয়া হৈ যায়৷ এই ক্ষেত্ৰত সৰিয়হৰ বীজেৰে তৈয়াৰী গাৰু আপোনাৰ কামত আহিব পাৰে৷ 

এই ঘৰুৱা পদ্ধতি অৱলম্বন কৰি আপুনি আপোনাৰ শিশুটিক মূৰৰ সঠিক আকৃতি প্ৰদান কৰিব পাৰে৷ এনেধৰণৰ সৰিয়হৰ বীজেৰে তৈয়াৰ কৰা গাৰুৰ দ্বাৰা শিশুৱে এৰগ’নমিক ছাপৰ্ট লাভ কৰে৷ শিশুৰ কোমল মূৰৰ বাবে এই গাৰু অতি উত্তম৷ এনেধৰণৰ গাৰুত শোৱাৰ ফলত মূৰটোৱে নিজে নিজৰ এটা সঠিক আকৃতি ল’বলৈ আৰম্ভ কৰে৷ ইয়াৰ উপৰি সৰিয়হত থকা ভিটামিন, খনিজ পদাৰ্থ আদিয়ে প্ৰাকৃতিকভাৱে শিশুৰ মূৰটো গৰম কৰি ৰাখে৷ শিশুৰ কাহ, চৰ্দি হ’লে সৰিয়হৰ গাৰুৰ দ্বাৰা বহুখিনি আৰাম পোৱা যায়৷ লগতে শিশুৰ চেপেটা মূৰৰ সম্ভাৱনাও যথেষ্ট কম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here