জিম এৰাৰ পাছত কিয় বৃদ্ধি হয় ওজন?

0
1582

যদি আপুনি জিমত নিয়মিত শৰীৰচৰ্চা কৰে আৰু কিবা কাৰণত যদি জিম যাবলৈ এৰি দিয়ে, তেন্তে আপোনাৰ আকৌ ওজন বৃদ্ধি হ’ব পাৰে৷ কিন্তু কিয় এনেকুৱা হয়, আপোনালোকে কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে? প্ৰায় অধিকাংশ লোকৰ বাবে নিয়মিত শৰীৰচৰ্চা, ব্যায়াম আদি কৰা সম্ভৱ নহয়৷ ইয়াৰ উপৰি কিছুমান লোকৰ ক্ষেত্ৰত বিশেষ কাৰণত ব্যায়ামৰ পৰা বিৰতি ল’ব লগা হয়৷ জিমত দৈনিক ৱৰ্কআউট কৰাসকলৰ ফিটনেছ লেভেল আৰু ষ্টেমিনা বৃদ্ধি হয়৷ কিন্তু জিম বা ব্যায়াম কৰা বন্ধ কৰিলে আমাৰ শৰীৰৰ গঠন আৰু ওজনত বিৰূপ প্ৰভাৱ পৰে৷

যদিও জিম এৰাৰ তৎক্ষণাৎ পেটত চৰ্বি বৃদ্ধি নহয়, কিন্তু কিছুদিন পাছত ওজন বৃদ্ধি হ’বলৈ ধৰে৷ 

দৰাচলতে আপুনি মনত ৰখা উচিত যে আপুনি জিম এৰিছে, খাদ্য নহয়৷ নিয়মিত ব্যায়াম কৰাৰ ফলত মেটাবলিজমে সঠিক ৰূপত নিজৰ কাম সমাধা কৰে, যাৰ ফলত অতিৰিক্ত কেলৰি নষ্ট হয়৷ জিম এৰাৰ পাছত মানুহে নিয়মিত কেলৰিযুক্ত আহাৰ গ্ৰহণ কৰিবলৈ ধৰে আৰু শৰীৰেও আগৰ তুলনাত কম মাত্ৰাত কেলৰি বাৰ্ন কৰে, যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি হয়? ব্যায়ামৰ দ্বাৰা মেটাবলিজমৰ গতি তীব্ৰ হয়, যিটো ব্যায়াম এৰাৰ পাছত ইয়াৰ গতি লেহেমীয়া হৈ যায়৷ ইয়াৰ উপৰি শৰীৰেও এনাৰ্জি প্ৰয়োগ কমাই দিয়ে আৰু অতিৰিক্ত এনাৰ্জি ফেটলৈ পৰিৱৰ্তন কৰা আৰম্ভ কৰে৷ যাৰ ফলত আপোনাৰ ওজন নিয়ন্ত্ৰণত বাধা আহি পৰে৷ গতিকে মনত ৰখা উচিত যে ওজন বৃদ্ধি হৈছে জিম এৰাৰ এক প্ৰধান ছাইড এফেক্ট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here