‘Pizza and pineapple may still work, but masks on chin is definitely an unsafe combination’ – মুম্বাই পুলিচ

0
1942

কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশত বিশেষকৈ সীমান্তৱৰ্তী কেইবাখনো ৰাজ্যত কাৰ্ফিউ বলৱৎ কৰে৷ বিশেষকৈ মহাৰাষ্ট্ৰৰ চহৰসমূহত ইয়াৰ পৰিসংখ্যা বছৰটোৰ ভিতৰত আটাইতকৈ অধিক৷ এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ’না প্ৰতিৰোধৰ বাবে ল’বলগীয়া ৰণনীতি কৌশলৰ কথা আলোচনা কৰিবলৈ দেশৰ প্ৰধাননন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১৭ মাৰ্চ তাৰিখে সমগ্ৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন জৰুৰী বৈঠকতো মিলিত হয়৷ কিন্তু তথাপিও যেন সাধাৰণ মানুহৰ গাত একো কথা লগাই নাই৷ কৰ’নাৰ সংক্ৰমণ মাৰ নৌযাওঁতেই অধিকাংশই সামাজিক দূৰত্বতো বেলেগে কথা, মাস্ক পৰিধান কৰিবলৈও এৰি দিছে৷

এনে পৰিস্থিতিত সাধাৰণ জনতাক সজাগ কৰিবলৈ মুম্বাই পুলিচে এটা আমোদজনক পদক্ষেপ গ্ৰহণ কৰে৷ 

যিহেতু আজিকালি ছ’চিয়েল মিডিয়াৰ প’ষ্টে খুব সহজে জনতাক আকৰ্ষণ কৰিবলৈ লৈছে, সেয়েহে শেহতীয়াকৈ মুম্বাই পুলিচে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম পে’জযোগে এটা সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰে৷ এই বাৰ্তাৰ মূল উদ্দেশ্য হৈছে বৰ্তমান কভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ শীৰ্ষত থকা চহৰখনেই হৈছে মুম্বাই আৰু এনে ভয়াৱহ পৰিস্থিতিটো মুম্বাইৰ সাধাৰণ জনতাই ৰাজহুৱা স্থানত একপ্ৰকাৰ মাস্ক পৰিধান কৰিবলৈ বাদেই দিছে৷ বহুতৰে মন্তব্য যে তেওঁলোকৰ গাত হেনো কৰ’না নালাগে৷এই বাৰ্তাটোকে উদ্ভাৱনীমূলক ধৰণে দিবলৈ মুম্বাই পুলিচে ইনষ্টাগ্ৰামত কিছুমান নিমিলা খাদ্যৰ সংযোজন যেনে– ‘পিজ্জা আৰু আনাৰস’, ‘বিৰিয়ানি আৰু ইলাচি’, ‘এবোকাডো আৰু চকলেটৰ’ দৰে উদাহৰণ দিছে৷ এই তিনিওখন ছবিৰ লগতে তেওঁলোকে এজন মানুহে থুঁতৰিত মাস্ক পৰিধান কৰা ছবিও প’ষ্ট কৰিছে আৰু লিখিছে– ‘Pizza and pineapple may still work, but masks on chin is definitely an unsafe combination’ অৰ্থাৎ এই কথাখিনিৰ জৰিয়তে তেওঁলোকে ব্যংগাত্মকভাৱে এইখিনিয়েই ক’বলৈ বিচাাৰিছে যে কৰ’নাৰ পৰা বাচিবলৈ হ’লে থুঁতৰিৰ পৰিৱৰ্তে মুখত মাস্ক পৰিধান কৰক৷এই প’ষ্টটোৰ জৰিয়তে মুম্বাই পুলিচে জনতাক এই মহামাৰীক গুৰুত্বসহকাৰে ল’বলৈ, মাস্ক পিন্ধিবলৈ আৰু সকলো কভিড প্ৰট’কল মানি চলিবলৈ আহবান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here