নিম্নগামী হৈছে গুৱাহাটীৰ বায়ুৰ মান

0
281

ৰাজ্যৰ লগতে খোদ ৰাজধানী মহানগৰ গুৱাহাটীতো দ্ৰুতগতিত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ শব্দ প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণৰ সমানেই বৃদ্ধি পাইছে বায়ু প্ৰদূষণ৷ মহানগৰখনত বৃদ্ধি পোৱা প্ৰদূষণে এতিয়া পৰিৱেশ বিজ্ঞানীসকলকো অধিক উদ্বিগ্ন কৰি তুলিছে৷ বিশেষকৈ গুৱাহাটীৰ বায়ুৰ মান কিছু নিম্নগামী হৈছে৷ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল ব’ৰ্ডে এই কথা প্ৰকাশ কৰিছে৷ বায়ুৰ এই মান স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি স্বাস্থ্য বিশেষজ্ঞসকলে জানিবলৈ দিছে৷ এনে বায়ু সেৱনৰ ফলত দেহত এলাৰ্জি, ব্ৰংকাইটিছ, বসন্ত আদি বিভিন্ন চৰ্মজনিত ৰোগ হ’ব পাৰে৷ বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত হাঁওফাঁও, হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ বায়ুমণ্ডলত ধূলিকণাৰ পৰিমাণ ৫১১ পৰা ১০০ মাইক্ৰ’গ্ৰামৰ ভিতৰত হ’লে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি থকাসকলৰ বাবে উশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয়৷ ১০১১ পৰা ২০০ মাইক্ৰ’গ্ৰামৰ ভিতৰত ধূলিকণাৰ ফলত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ লগতে হৃদৰোগ, হাঁওফাঁও ৰোগত ভোগাৰ সম্ভাৱনা থাকে৷ এই পৰিমাণ ২০১১ পৰা ৩০০ মাইক্ৰ’গ্ৰামৰ ভিতৰত থাকিলে উশাহ লোৱাত কষ্টকৰ হয়৷ আনহাতে তথ্য অনুসৰি মহানগৰৰ বায়ুত দৈনিক কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ জ্ঝ-৪১ মিউ গ্ৰাম-৩ থকাৰ বিপৰীতে পুৱা আৰু সন্ধিয়া ৫০ মিউ গ্ৰাম-৩ৰো অধিক থাকে৷ এক তথ্যত প্ৰকাশ পোৱা অনুসৰি  বায়ুত ক্ষুদ্ৰ বিষাক্ত কণিকা পাৰ্টিকুলেট মেটাৰ, নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ পৰিমাণ ভয়াৱহ গতিত বৃদ্ধি পাইছে৷ প্ৰকাশ পোৱা তথ্য অনুসৰি বায়ুত বিষাক্ত পাৰ্টিকুলেট মেটাৰৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷  মহানগৰত বায়ুৰ বিশুদ্ধতাৰ গুণাগুণত ৫১-১০০ আৰু ১০১-২০০ ঘনমিটাৰৰ ভিতৰত থকাটো স্পষ্ট হৈছে৷ এনে অৱস্থাত বিভিন্ন মাৰাত্মক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰৰ বায়ুত বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ অত্যধিক বৃদ্ধি পাইছে৷ দিনক দিনে মহানগৰত বৃদ্ধি পোৱা জনসংখ্যা, যান-বাহন, কল-কাৰখানা আৰু তাৰ বিপৰীতে গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই পৰিৱেশৰ তাৰতম্য ঘটাৰ লগতে বায়ুত কাৰ্বন-ডাই- অক্সাইডৰ পৰিমাণো বৃদ্ধি পাইছে৷ গুৱাহাটীত অধিক বৃদ্ধি পোৱা প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰে প্ৰদূষণ বৃদ্ধিত অধিক অৰিহণা যোগাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here