নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ ট্ৰেনজিট ৰুট হৈ পৰিছে গুৱাহাটী

0
406

গুৱাহাটী মহানগৰ নিষিদ্ধ ড্ৰাগ্‌ছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ ট্ৰেনজিট ৰুট হৈ পৰিছে ৷ গুৱাহাটীৰ মাজেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা কেইবা কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে কেইবাটাও সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি বৃহৎ সাফল্য লাভ কৰিছে৷ গুৱাহাটীৰ মাজেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়ত যোৱা ১৮ জুলাইত প্ৰায় দুই কোটি টকা মূল্যৰ কানি, প্ৰায় এক কোটি টকা মূল্যৰ নিষিদ্ধ কাহৰ দৰব আৰু প্ৰায় দুই লাখ টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰা হয়৷ উল্লেখ্য যে বিহাৰৰ আম্বালাৰ ওচৰৰ পৰা মণিপুৰলৈ সৰবৰাহ কৰা এনৰেক্স নামৰ নিষিদ্ধ নিচাযুক্ত কাহৰ দৰবৰ এখন ট্ৰাক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে জব্দ কৰে৷ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত এখন ট্ৰাকত চলোৱা অভিযানত চিন্থল চাবোনৰ পেকেটৰ মাজত প্ৰায় ২০ হাজাৰ বটল এনৰেক্স কাহৰ দৰবৰ বটল জব্দ কৰা হয়৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ ফেন্সিডাইল নামৰ অতি জনপ্ৰিয় নিচাযুক্ত কাহৰ দৰবৰ দৰেই এই এনৰেক্স কাহৰ দৰবো নিচাসক্তসকলৰ মাজত জনপ্ৰিয়৷ আৰক্ষীয়ে জব্দ কৰা কাহৰ দৰবখিনিৰ মুঠ মূল্য প্ৰায় এক কোটি টকা বুলি সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here