ধৰা পৰিল দেশত মাংকি পক্সত আক্ৰান্ত দ্বিতীয়জন ৰোগী

0
228

দেশত কভিডৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ এটাৰ পাছত আন এটা ৰোগেও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ যোৱা এসপ্তাহতে দেশৰ প্ৰথমগৰাকী ব্যক্তি মাংকি পক্সত আক্ৰান্ত হোৱাৰ বাতৰিয়ে দেশজুৰি আতংকৰ সৃষ্টি কৰাৰ পাছতে পুনৰ দ্বিতীয়গৰাকী মাংকি পক্সত সংক্ৰমণ হোৱাৰ খবৰে পুনৰ জনসাধাৰণৰ মাজত আতংকই বিৰাজ কৰিছে৷
খবৰ মতে কেৰালাৰ কান্নুৰৰ এজন ৩১ বছৰীয়া লোকৰ দেহত যোৱা ১৮ জুলাইত মাংকি পক্স ধৰা পৰে আৰু ভাৰতত মাংকি পক্সৰ এইটো দ্বিতীয়টো সংক্ৰমণ ঘটনা৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এজন বিষয়াই এই কথা কয়৷ ১৩ জুলাইত ৰোগীজন ডুবাইৰ পৰা বিমানেৰে কৰ্ণাটকৰ মাংগালোৰলৈ আহিছিল৷ তেওঁৰ দেহত মাংকি পক্সৰ লক্ষণ দেখা পোৱাৰ পাছত তেওঁৰ নমুনা পুনেৰ এন আই ভিলৈ পঠিওৱা হৈছিল আৰু তাত মাংকি পক্স পজিটিভ পোৱা হয়৷ উল্লেখ্য যে কেৰালাৰ কোল্লাম জিলাত মাংকি পক্সৰ প্ৰথমজন ৰোগী ধৰা পৰিছিল৷ লগে লগে কেন্দ্ৰই বিশেষজ্ঞৰ এটা দল ৰাজ্যখনলৈ প্ৰেৰণ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here