কাহ, চৰ্দি আদি নিমিষতে দূৰহ’বলৈ ঘৰুৱাভাৱে এই উপায়

0
288


শীতকালৰ আগমনৰ লগে লগে ঠাণ্ডাৰ লগতে সৰু ল’ৰা-ছোৱালীকে ধৰি প্ৰাপ্তবয়স্কসকলৰো কাহ, চৰ্দি আদি হ’বলৈ ধৰে৷ বতৰৰ পৰিৱৰ্তনৰ বাবেই এইদৰে কাহ, চৰ্দি আদিয়ে বিশেষকৈ সৰু ল’ৰা-ছোৱালীক অসুবিধাত পেলায়৷ শীতত বহুতৰে এলাৰ্জিৰ সংক্ৰমণ বাঢ়ি যায়৷ এই ক্ষেত্ৰত এলাৰ্জি নিবাৰণৰ বাবে সকলো সময়তে ঔষধ খোৱাৰ ফলত শাৰীৰিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে এইধৰণৰ ঋতুকালীন অসুখৰ বাবে কিছু ঘৰুৱা উপাদান খালে যথেষ্ট সকাহ পোৱাৰ লগতে কোনোধৰণৰ পাশ্বৰ্ক্ৰিয়াৰ ভয় নাথাকে৷ সেয়ে জানো আহক কিদৰে এই অসুবিধা নিৰাময় কৰিব৷
দৈত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে, যিয়ে ভাল বেক্টেৰিয়া হিচাপে পৰিচিত৷ দৈয়ে শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে৷
চাইট্ৰাছজাতীয় ফল যেনে নেমু, ৰবাব টেঙা, যিকোনো টেঙা ফল আদিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ এই উপাদানে শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰি শাৰীৰিক সুস্থতা প্ৰদান কৰে৷
হালধিত প্ৰচুৰ পৰিমাণে এণ্টিইনফ্লমেটৰি প্ৰপাৰ্টিজ পোৱা যায়৷ ইয়াৰ উপৰি ইয়াত কাৰকিউমিন নামৰ এক উপাদান থাকে, যিয়ে কাহ, চৰ্দি আদি এলাৰ্জিজাতীয় ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷
মৌত প্ৰচুৰ পৰিমাণে এণ্টিবেক্টেৰিয়েল থাকে, যি উপাদানে শৰীৰৰ ইমিউনিটি বঢ়োৱাত অত্যন্ত সহায় কৰে৷ এই উপাদানে শৰীৰক আক্ৰমণ কৰা ক্ষতিকাৰক বেক্টেৰিয়াৰ পৰা মুক্ত কৰে৷
আপেল, পিঁয়াজ আদিত প্ৰচুৰ পৰিমাণে কুমাৰচেটিন নামৰ এবিধ উপাদান থাকে, যি উপাদানে এণ্টিহিষ্টামিন হিচাপে কাম কৰে৷ এইবিধ উপাদানে ইনফ্লেমেশ্যন কমোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here