মাম্পছ্ হ’লে কি কৰিব?

0
1681

মাম্পছ্ বা পিঠাখোৱা এবিধ ভাইৰেল ৰোগ৷ পেৰামিক্সো ভাইৰাছ (Paramyxovirus) ৰ দ্বাৰা এই ৰোগৰ সংক্ৰমণ হয়৷ তেজৰ দোষতো এই ৰোগ হ’ব পাৰে৷ এই ৰোগ হ’লে কাণৰ তল অংশৰ পৰা গাল ফুলি উঠে আৰু মূৰৰ বিষ হয়৷ জ্বৰ উঠে৷ খোৱা-বোৱাত কষ্ট হয়৷ কাণৰ দুয়োকাষে থকা লালতি গ্ৰন্থি ফুলি উঠে৷ শিশুতকৈ বয়স্ক লোকৰ ক্ষেত্ৰত লক্ষণৰ প্ৰাবল্য বেছি৷ যিহেতু ই এবিধ সোঁচৰা ৰোগ৷ গতিকে উশাহ-নিশাহৰ মাধ্যমেৰে বা ৰোগীৰ লগত প্ৰত্যক্ষ সংযোগৰেও ভাইৰাছবিধ বিয়পে৷ ইয়াৰ প্ৰতিকাৰ স্বৰূপে মাম্প্‌ছ প্ৰতিষেধকৰ ব্যৱস্থা আছে যদিও কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰিও ইয়াক নিৰ্মূল কৰিব পৰা যায়৷

(১) সাধাৰণতে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কুহুমীয়া গৰম পানীৰে সেক দিব লাগে৷
(২) মৰাণ আদা খুন্দি প্ৰলেপ দিব লাগে৷
(৩) চজিনাৰ শিপাৰ ছাল আৰু সৰিয়হ একেলগে বটি প্ৰলেপ দিব লাগে৷
(৪) ছোৰাত গছৰ শিপা খুন্দি গালৰ ফুলা অংশত লগাই দিব লাগে৷
(৫) তৰুৱা কদমৰ লগত খয়েৰ মিহলি কৰি খুন্দি গালৰ ফুলা ঠাইত কিছুসময় প্ৰলেপ দিলে উপশম পাব পাৰি৷
(৬) এৰাৰ ঠাৰিৰ ৰসৰ লগত নিমখ মিহলাই মুখ কুলুকুলু কৰিলেও সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here