দেশৰ মহিলা আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত অসম আদৰ্শ

0
308

অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগক উচ্ছ প্ৰশংসা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ সচিব ইডিভাৰ পাণ্ডেই৷ কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ সচিবগৰাকীয়ে দেশৰ মহিলা আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত অসম আদৰ্শ হ’ব পাৰে বুলি মন্তব্য কৰিছে৷ অসমৰ এই বিভাগটোৱে লাভ কৰা কেন্দ্ৰীয় পুঁজি ব্যৱহাৰৰ এখনো ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দিবলৈ বাকী নাই বুলিও তেওঁ উল্লেখ কৰে৷ জ্যেষ্ঠ সচিব ইডিভাৰ পাণ্ডেৰ তত্ত্বাৱধানত এখন ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে৷ 
কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে বৈঠকত অসমৰ অংগনবাড়ী আৰু পোষণ ২.০ অভিযান, বাৎসল্য অভিযান, শক্তি অভিযানকে ধৰি মহিলা আৰু শিশুৰ উন্নয়নৰ বাবে ৰূপায়িত আঁচনিসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় মন্ত্ৰী অজন্তা নেওগৰ লগতো মত বিনিময় কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ বিষয়াবৰ্গই ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগে নিৰ্মাণ কৰা ১০০০টা অংগনবাড়ী কেন্দ্ৰ স্থাপনকে ধৰি শিশু আৰু নাৰীৰ উন্নয়নৰ বাবে কৰা কামৰ ভূয়সী প্ৰশংসা কৰে৷ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ সচিব ইডিভাৰ পাণ্ডেই কয় যে মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত অসম চৰকাৰে মহিলা আৰু শিশুৰ উন্নয়নৰ বাবে কৰা কাম দেশৰ অন্য ৰাজ্যৰ বাবে আদৰ্শ স্বৰূপ৷ সচিবগৰাকীয়ে লগতে কয় যে অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগে কেন্দ্ৰীয় পুঁজিৰ এশ শতাংশ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছে আৰু এই ক্ষেত্ৰতো দেশৰ অন্য ৰাজ্যই অসমক অনুসৰণ কৰিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here