কৃষকৰ মাজত হাহাকাৰ খেতিপথাৰত শুঁৰ পোকৰ উপদ্ৰৱ

0
176

ৰাজ্যত হৈ যোৱা বানপানীৰ ফলত জনসাধাৰণৰ লগতে খাটিখোৱা কৃষক শ্ৰেণীৰ মাজতো বিশেষ প্ৰভাৱ পৰিছিল৷ বান শুকোৱাৰ পাছত খেতিয়কে খেতি কৰাৰ মানসিকতাৰে পথাৰত নামিছিল৷ চহা খেতিয়কে সেই মতে যেনেকৈ পাৰে পথাৰত কঠীয়া ৰুই প্ৰায় শেষ কৰিছিল৷ কিন্তু এতিয়া আন এক বিপদ আনি দেখা দিছে খেতিয়কসকলৰ৷ ধাননি পথাৰবোৰ সেউজীয়া হ’বলৈ আৰম্ভ কৰাৰ সময়তে এইবাৰৰ প্ৰথমটো বানে পাটাছাৰকুছি অঞ্চলৰ  কৃষকসকলৰ সপোন চূৰমাৰ কৰিছিল শালিধানৰ কঠীয়াবোৰ নষ্ট কৰাৰ বাবেই৷ বানৰ পাছত খেতি কৰাৰ আশাৰে পুনৰ শালিধানৰ কঠীয়া সিঁচিছিল৷ কিন্তু অঞ্চলটোত হোৱা খৰাঙৰ বাবে শালিধানৰ খেতি পতাত ব্যাঘাত জন্মিছে৷ খৰাঙৰ মাজতে হোৱা সামান্য  বৰষুণৰ পানীৰে কিছু খেতি পাতিছিল৷ 
তাতো এতিয়া ভূতৰ ওপৰত দানহ পৰাদি উপদ্ৰৱ কৰিছে ‘আৰ্মি’ নামৰ এবিধ ভূৰ জাতীয় পোকে৷ যাক ‘শুঁৰপোক’ বুলিও কোৱা হয়৷ পাটাছাৰকুছি অঞ্চলৰ কুঁৱাৰা, সৰিহ চাকলা, দলৈগাঁও, পলাহ শিমলুবাৰী আদিকে ধৰি কেইবাখনো গাঁৱৰ খেতিপথাৰত এইবিধ পোকৰ উপদ্ৰৱ বাঢ়িছে৷ এই পোকে  দিনৰ ভাগত গোছাৰ মাজত সোমাই থাকে আৰু সন্ধিয়া ওলাই নিশাটোৰ ভিতৰতে বিঘাই বিঘাই ধানগছ খাই শেষ কৰে৷ ইয়াৰ উপদ্ৰৱৰ পৰা নিজৰ খেতিডৰাক ৰক্ষা কৰিবলৈ উক্ত অঞ্চলৰ কৃষকসকলে নিজৰ গাঁঠিৰ ধনেৰে কীটনাশক ঔষধ প্ৰয়োগ কৰিছে৷ 
বজালী জিলাৰ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে পোকে খোৱা খেতি পৰিদৰ্শন কৰিছে যদিও কৃষি বিভাগৰ পৰা উচিত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই৷ কৃষকসকলে কষ্টোপাৰ্জিত গাঁঠিৰ ধন খৰচ কৰি আৰম্ভ কৰা ধানখেতি এনেদৰে ‘আৰ্মি’ পোকে তহিলং কৰাত হতাশ হৈ পৰিছে৷  আনহাতে বান বিধ্বস্ত এই খেতিপথাৰসমূহত নাই কোনো জলসিঞ্চনৰ ব্যৱস্থা৷ এনেদৰে প্ৰতিবছৰে ক্ষতিগ্ৰস্ত হৈ থকা বাবেই কৃষকসকলৰ বেছভাগেই খেতিৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে একাংশ কৃষকে খেতি কৰিবলৈ এৰিছে৷ গতিকে কৃষকসকলক বিনামূলীয়াকৈ কীটনাশক ঔষধ আৰু স্প্ৰে মেচিনৰ যোগান ধৰিবলৈ একাংশ কৃষকে চৰকাৰক দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here