দেশৰ চতুৰ্থখন চি এন চেণ্টাৰ উদ্বোধন কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ

0
688

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জি এম চি  এইচৰ সৈতে সংলগ্ন দেশৰ চতুৰ্থখন চি এন চেণ্টাৰ [কাৰ্ডিঅ’থৰাচিক এণ্ড নিউৰ’ছায়েন্সেছ চেণ্টাৰ]ৰ শুভ উদ্বোধন কৰে৷  গৃহ মন্ত্ৰীজনে কয় যে অসম এতিয়া দ্ৰুতগতিত বিকাশৰ দিশে গতি কৰিছে৷ 
শ্বাহে কয় যে অসম চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাক্‌সন্ধ্যা এই চিকিৎসালয়ৰ জৰিয়তে ৰাজ্যবাসীলৈ চৰকাৰখনে এক উল্লেখযোগ্য উপহাৰ আগবঢ়াইছে৷ বিজেপি চৰকাৰ অহাৰ পাছত যোৱা ছয় বছৰত অসম স্বাস্থ্য সেৱাৰ দিশত কেৱল উত্তৰ-পূবতে নহয়– চুবুৰীয়া দেশসমূহৰ মাজতো কেন্দ্ৰভূমিলৈ পৰিণত কৰাৰ চেষ্টা চলিছে৷ 
অসম কেৱল উত্তৰ-পূবে ভাৰতেই নহয়, পূব দিশৰ সকলো দেশৰে স্বাস্থ্য সেৱাৰ কেন্দ্ৰলৈ পৰিণত হোৱাৰ দিশে আগবাঢ়িছে বুলিও তেওঁ কয়৷ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ কোনো লোক যাতে দূৰলৈ যাব নালাগে অসমে তাৰ বাবে চিকিৎসালয় স্থাপনৰ উৎকৃষ্ট ব্যৱস্থা গ্ৰহণ কৰা বুলিও প্ৰশংসা কৰে৷ 
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০০৮ চনত স্বাস্থ্য মন্ত্ৰী থকা অৱস্থাতে এই চিকিৎসালয়খন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল৷ ২০১৪ চনত বিজেপি চৰকাৰ অহাৰ পাছত এই প্ৰকল্পটোক পূৰ্বৰ ১০০খন বিছনাৰ পৰা ৩০০খন বিছনালৈ উন্নীত কৰা হয়৷ তাৰ পাছত ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা ২৭৩ কোটি টকা ব্যয় কৰি এই চিকিৎসালয়খন নিৰ্মাণ কৰি উলিওৱা হয় বুলি তেওঁ সদৰী কৰে৷ 
চৰকাৰে এই অঞ্চলতে ইউৰ’লজি আৰু নেফ্ৰ’লজি বিভাগৰ আৰু এটা ছুপাৰ স্পেচিয়েলিটি ব্লক নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীজনে৷ তেওঁ কয় যে অসমত এতিয়া থকা ৮খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি ১৬খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে৷ উল্লেখ্য যে ১০ মে’ৰ পৰা নতুন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনত এই বিভাগ চাৰিটা সপ্তাহ ছদিনকৈ অ’ পি ডি ৰাইজৰ বাবে মুকলি থাকিব৷ আনহাতে এই চাৰিটা এতিয়াৰ পৰা মুঠ ৩০০ বিছনালৈ বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here