দেশত ৪৫০ বিধ প্ৰজাতিৰ উদ্ভিদ, ১৫০ বিধ প্ৰজাতিৰ প্ৰাণী বিলুপ্ত

0
386


সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশটোৰ বিষয়ে বিশ্লেষণাত্মক তথ্য আগবঢ়াই তেজপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই ৰচনা কৰা ‘কনজাৰভেশ্যন অব্‌ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ’ শীৰ্ষক এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচিত হয়৷ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, বিশিষ্ট গল্পকাৰ মাণিক বৰাকে ধৰি একাংশ বিশিষ্ট লোকৰ উপস্থিতিত এক বিশেষ অনুষ্ঠানত উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ড॰ ভূপেন শইকীয়াই৷ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি ড॰ ভূপেন শইকীয়াই সমগ্ৰ বিশ্বৰ ভিতৰতে জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ বুলি কৈ ভাৰতত ৪৭ হাজাৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ৮১ হাজাৰ বন্যপ্ৰাণী আছিল যদিও বৰ্তমান ইয়াৰে ৪৫০ প্ৰজাতি উদ্ভিদ যেনেদৰে বিলুপ্ত হৈ পৰিছে আৰু একেদৰে ১৫০ টা প্ৰজাতিৰ প্ৰাণী বিলুপ্ত হোৱাৰ তথ্য সদৰী কৰি অসমত থাকিব লগা ৩৩ শতাংশ বনাঞ্চলৰ ভিতৰত মাত্ৰ ১১ শতাংশমানহে আছেগৈ বুলি উদ্বেগ প্ৰকাশ কৰে৷ অৰণ্য নাথাকিলে কেনেকৈ বন্যপ্ৰাণী সুৰক্ষিত হ’ব বুলি কৈ বিভিন্ন সময়ত প্ৰকৃতিৰ ওপৰত চলা মানুহৰ আক্ৰমণৰ সমান্তৰালভাৱে চৰকাৰী কেতবোৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ফলতো বনধ্বংস হোৱাৰ তথ্যসদৰী কৰে ড॰ শইকীয়াই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here