সমগ্ৰ বিশ্বত কিমান কোটি লোক দাৰিদ্ৰ্যৰ গ্ৰাসত

0
157

সমগ্ৰ বিশ্বতে দৰিদ্ৰ লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কভিডকালীন পৰিস্থিতি তথা কৃষিক্ষেত্ৰত জলবায়ু প্ৰৱৰ্তনৰ কুপ্ৰভাৱ, বিভিন্ন প্ৰান্তৰ চলি থকা সংঘৰ্ষ, যুদ্ধ আদিৰ বাবে বিশ্ববাসীৰ ওপ¸ৰত চাপ বৃদ্ধি পাইছে আৰু কোটি কোটি লোক দুৰ্ভিক্ষৰ কবলত পৰিছে৷ বিশ্বৰ কোটি কোটি লোক দুৰ্ভিক্ষ, অনাহাৰৰ সন্দৰ্ভত ৰাষ্ট˜সংঘৰ ৭৭ সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত এই তথ্য দাখিল কৰে দুই শতাধিক স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাই৷ গোলকীয় উষ্ণতা বৃদ্ধি, কৰ্মহীনতাৰ ফলত দুৰ্ভিক্ষই নতুন ৰূপ লৈছে বিশ্বত৷ স্বেচ্ছাসেৱী সংগঠনসমূহে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে এই মুহূৰ্তত বিশ্বত ৩৪.প্ত কোটি লোক তীব্ৰ খাদ্য সংকটত পৰিছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বতে ২০১৯ চনৰ পৰা খাদ্য সংকটত পৰা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে৷ সময় থাকোতে এক হৈ এই ভয়াৱহ সমস্যাৰ সমাধানৰ পথ নুলিয়ালে কম সময়ত ভিতৰতে ভয়ংকৰ দিশে বিশ্ব গতি কৰিব৷ এইদৰে খাদ্যৰ নাটনি হৈ থাকিলে অনাগত দিনত যে বিশ্ব তীব্ৰ খাদ্য সংকটত পৰিছে সেয়া ধুৰুপ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here