দেশত দৰিদ্ৰতা হ্ৰাস পাইছে : প্ৰধানমন্ত্ৰী

0
301

কেন্দ্ৰত বিজেপি চৰকাৰৰ আঠ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাত আয়োজন কৰা গৰিব কল্যাণ সন্মিলন’ত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে ৰাজ্যসমূহৰ ৰাজধানী, জিলা কাৰ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো এই সন্মিলন আয়োজন কৰা হৈছিল৷ ছিমলাৰ ৰিজ ময়দানৰ সমাৱেশ¸ত ভাষণ দি মোদীয়ে কয় যে দেশত দৰিদ্ৰতা হ্ৰাস পাইছে আৰু আনকি আন্তঃৰাষ্ট্ৰীয় এজেঞ্চিয়েও এই কথা স্বীকাৰ কৰিছে৷ 
মোদীয়ে কয় যে ২০১৪ চনৰ আগত আছিল কেলেংকাৰিৰ বাতৰি, কিন্তু এতিয়া আলোচনা হয় চৰকাৰৰ উন্নয়ন আঁচনি আৰু দুৰ্নীতিৰ বিষয়ে শূন্য সহনশীলতাৰ বিষয়ে৷ মোদীয়ে আৰু কয় যে মই নিজকে প্ৰধানমন্ত্ৰী বুলি ভবা নাই৷ 
মই ১৩০ কোটি লোকৰ প্ৰধান সেৱক, যিসকল হৈছে মোৰ জীৱনৰ সৰ্বস্ব আৰু মোৰ জীৱনো আপোনালোকৰ বাবে৷ এই সমাৱেশৰ আগত প্ৰধানমন্ত্ৰী মোদীয়ে ১৬খন কেন্দ্ৰীয় আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভাৰ্চুৱেলি বাৰ্তালাপ কৰে আৰু কিষাণ সন্মান নিধিৰ ১১সংখ্যক কিস্তিৰ ২১ হাজাৰ কোটি টকা ৮০ কোটি কৃষকৰ বাবে মুকলি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here